সৌৰাষ্ট্ৰ পথৰ বহু ৰে’ল ৬ দিনলৈ প্ৰভাৱিত হ’ব, বহু ৰে’ল দেৰিকৈ চলিব
ৰাজকোট, ২১ ফেব্ৰুৱাৰী (হি.স.)। ডাবল ট্ৰেকৰ কামৰ বাবে সৌৰাষ্ট্ৰৰ ৰাজকোট ৰেলৱে সংমণ্ডলৰ জামনগৰ-লখাবোৱাল অংশত এটা ব্লক আৰোপ কৰা হৈছে। ইয়াৰ বাবে ২১ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ৰে’ল যাতায়ত আংশিকভাৱে প্ৰভাৱিত হ’ব।সৌৰাষ্ট্ৰ মেইলকে ধৰি কেইবাখনো ৰে’ল
MEMU trains


ৰাজকোট, ২১ ফেব্ৰুৱাৰী (হি.স.)। ডাবল ট্ৰেকৰ কামৰ বাবে সৌৰাষ্ট্ৰৰ ৰাজকোট ৰেলৱে সংমণ্ডলৰ জামনগৰ-লখাবোৱাল অংশত এটা ব্লক আৰোপ কৰা হৈছে। ইয়াৰ বাবে ২১ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ৰে’ল যাতায়ত আংশিকভাৱে প্ৰভাৱিত হ’ব।সৌৰাষ্ট্ৰ মেইলকে ধৰি কেইবাখনো ৰে’ল চুটিকৈ বন্ধ (আংশিকভাৱে বাতিল) কৰা হৈছে।

পথ পৰিৱৰ্তন

পোৰবন্দৰ-শালিমাৰ এক্সপ্ৰেছঃ ২৬ ফেব্ৰুৱাৰীত এই ৰে’লখন নিৰ্ধাৰিত পথৰ পৰিৱৰ্তে জেতালসৰ-ভক্তিনগৰ পথেৰে চলিব।

পলম হোৱা ৰেল

ওখা-ভৱনগৰ এক্সপ্ৰেছঃ ২৪ ফেব্ৰুৱাৰীত দুঘণ্টা পলম কৰি ওখা ষ্টেচনৰ পৰা যাত্ৰা কৰিব।

বৈষ্ণোদেৱী-জামনগৰ এক্সপ্ৰেছঃ ২৩ ফেব্ৰুৱাৰীত ৩০ মিনিটৰ পলম হ’ব।

ওখা-বাৰানসী এক্সপ্ৰেছঃ ২৬ ফেব্ৰুৱাৰীত প্ৰয়োজন সাপেক্ষে বাটত ৰখাব পাৰে।

আংশিকভাৱে বাতিল/চমু বন্ধ ৰেল

ভৱনগৰ-অখা এক্সপ্ৰেছ

(২৫ ফেব্ৰুৱাৰীত) কেৱল ৰাজকোটলৈকে চলিব। মুম্বাই চেণ্ট্ৰেল-অখা সৌৰাষ্ট্ৰ মেইল (২৫ ফেব্ৰুৱাৰী) কেৱল ৰাজকোটলৈহে চলিব। শালিমাৰ-অখা এক্সপ্ৰেছ (২৪ ফেব্ৰুৱাৰী) কেৱল হাপালৈহে চলিব। তিৰুনেলভেলী-জামনগৰ এক্সপ্ৰেছ (২৪ ফেব্ৰুৱাৰী) কেৱল হাপালৈহে চলিব। ৰাজকোটৰ পৰা চলিব ওখা-ভৱনগৰ এক্সপ্ৰেছ (২৬ ফেব্ৰুৱাৰী)। ৰাজকোটৰ পৰা চলিব ওখা-মুম্বাই চেণ্ট্ৰেল সৌৰাষ্ট্ৰ মেইল (২৬ ফেব্ৰুৱাৰী)।

যাত্ৰীসকলৰ প্ৰতি এক আবেদন

ৰে’ল প্ৰশাসনে যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰে’লৱে হেল্পলাইন বা অফিচিয়েল এপৰ জৰিয়তে ৰে’লৰ অৱস্থা পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে যাতে কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande