মানকাচৰত ময়নাবান্ধাত মৰণ ফান্দত পৰিণত হৈছে বিদ্যুৎ পৰিবাহী তাঁৰ
দক্ষিণ শালমাৰা মানকাচৰ, ২১ ফেব্ৰুৱাৰী (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত ময়নাবান্ধাত বিদ্যুৎ বিভাগৰ কামৰ চৰম হেমাহিৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰ মৰণ ফান্দত পৰিণত হৈছে ৷ মুৰৰ ওপৰত উচ্চ পৰিবাহী বিদ্যুতৰ তাঁৰ নাম
মানকাচৰত ময়নাবান্ধাত মৰণ ফান্দত পৰিণত হৈছে বিদ্যুৎ পৰিবাহী তাঁৰ


দক্ষিণ শালমাৰা মানকাচৰ, ২১ ফেব্ৰুৱাৰী (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত ময়নাবান্ধাত বিদ্যুৎ বিভাগৰ কামৰ চৰম হেমাহিৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰ মৰণ ফান্দত পৰিণত হৈছে ৷

মুৰৰ ওপৰত উচ্চ পৰিবাহী বিদ্যুতৰ তাঁৰ নামি অহাৰ বাবে দীৰ্ঘদিন ধৰি বিপদ সংকুল ভাবে যাতায়ত কৰিবলগীয়া হৈছে গাঁও খনৰ ৰাইজে ৷ ৰাইজে উপায়ন্তৰ এনেদৰে জৰাজীৰ্ণ বাঁহৰ খুটা লগাই যাতায়ত কৰিব লগীয়া হৈছে ৷

বিদ্যুৎ বিভাগক কেইবাবাৰো অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ মন কৰিবলগীয়া যে, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে আদি কৰি ময়নাবান্ধা অঞ্চলৰ ৰাইজে উচ্চ বিদ্যুৎ পৰিবাহী তাৰৰ তলেৰে বিপদ সংকুল ভাবে যাতায়ত কৰিবলগীয়া হয় ।

বিশেষকৈ বাৰিষাৰ সময়ত ময়নাবান্ধা অঞ্চলৰ ৰাইজে মানকাচৰ বিদ্যুৎ বিভাগৰ কামৰ গাফিলতিৰ বাবে বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে । ৰাইজে অতিশীঘ্ৰে এই সমস্যা সমাধান কৰি দিয়াৰ বাবে বিদ্যুৎ বিভাগক দাবী জনায়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande