
নগাঁও, ২১ ফেব্ৰুৱাৰী (হি.স.)। কামপুৰ পটিয়াপাম ৰিজাৰ্ভত মৃতদেহ উদ্ধাৰ ৷ উদ্ধাৰ হোৱা মৃতদেহটো এজন ৫০ উৰ্দ্ধৰ ব্যক্তিৰ ৷ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খৱৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত উপস্থিত যমুনামুখ আৰক্ষী ৷ এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো ৷
কোনো লোকে আন স্থানত হত্যা কৰি মৃতদেহটো ঘটনাস্থলীত পেলাই থোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷ কেইবাদিনো পৰি থকাত মৃতদেহটো উৱলি যোৱা পৰিলক্ষিত হৈছে । মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষা কৰাৰ বাবে আৰক্ষী
নগাঁও চিকিতসা মহাবিদ্য়ালয়লৈ প্ৰেৰণ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা