
নগাঁও, ২১ ফেব্ৰুৱাৰী (হি.স.)। কলিয়াবৰত কলঙত পৰিল এটা ছাগলী পহু। কলিয়াবৰৰ ঢেকীয়াল গাঁৱত কলঙত পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি দিশহাৰা হোৱা এটা পহু। মানুহৰ হৈ-চৈত দিশহাৰা পহুটোৱে জাপ দিয়ে কলঙত। ইয়াৰ পিছত স্থানীয় লোকে বন বিভাগৰ সহযোগত পহুটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
পহুটো উদ্ধাৰ কৰি হাটবৰৰ পশু চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। পহুটো সুস্থ হ'লেই পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব বন বিভাগে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা