কৰ্ণাটকত এখন ট্ৰেক্টৰ বাগৰি পৰাত মহাৰাষ্ট্ৰৰ এটি দুবছৰীয়া শিশুসহ চাৰিজন লোকৰ মৃত্যু
বাগালকোট, ২১ ফেব্ৰুৱাৰী (হি.স.)। কৰ্ণাটকৰ বাগালকোট জিলাৰ জামখণ্ডী তালুকৰ কট্টে কেৰেৰ সমীপত শনিবাৰে পুৱা এক ভয়ংকৰ দুৰ্ঘটনাত দুবছৰীয়া শিশুসহ চাৰিজন লোকৰ মৃত্যু হয়। আহত আন ৮ জন লোকক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। খবৰ অনুসৰি কুঁহিয়াৰ চপোৱাৰ বাব
Accident


বাগালকোট, ২১ ফেব্ৰুৱাৰী (হি.স.)। কৰ্ণাটকৰ বাগালকোট জিলাৰ জামখণ্ডী তালুকৰ কট্টে কেৰেৰ সমীপত শনিবাৰে পুৱা এক ভয়ংকৰ দুৰ্ঘটনাত দুবছৰীয়া শিশুসহ চাৰিজন লোকৰ মৃত্যু হয়। আহত আন ৮ জন লোকক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

খবৰ অনুসৰি কুঁহিয়াৰ চপোৱাৰ বাবে শ্ৰমিক কঢ়িয়াই অনা এখন ট্ৰেক্টৰ-ট্ৰলী হঠাতে বিচ্ছিন্ন হৈ ওলোটা হৈ পৰে, যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্ৰায় ২ বজাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

নিহত কেইজন হৈছে মনীষ পাণ্ডে (২৩), হালকী পাণ্ডে (২), লক্ষ্মী চিৰমাদী (২৭) আৰু ৰেখা ভুকে। আটাইকেইজনেই আছিল মহাৰাষ্ট্ৰৰ যৱতমল জিলাৰ বুছা তালুকৰ গুপৱাড়ী গাঁৱৰ বাসিন্দা। জামখণ্ডী অঞ্চললৈ আহিছিল কুঁহিয়াৰ চপোৱাৰ বাবে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে জামখণ্ডী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande