ইম্ফল পশ্চিমত গ্ৰেপ্তাৰ কেচিপি (পিএছচি)ৰ উগ্ৰপন্থী
ইম্ফল পশ্চিম (মণিপুৰ), ২১ ফেব্ৰুৱাৰী (হি.স.)। নিৰাপত্তা বাহিনীয়ে শুকুৰবাৰে মণিপুৰৰ ইম্ফল পশ্চিম জিলাত অভিযান চলাই নিষিদ্ধ কেচিপি (পিএছচি) উগ্ৰপন্থী সংগঠনটোৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ এগৰাকী মুখপাত্ৰই শনিবাৰে জনোৱা মতে, ধৃত উগ্ৰপন্থীজন ইম
Image of the arrested KCP (PSC) Rebel in Imphal West.


ইম্ফল পশ্চিম (মণিপুৰ), ২১ ফেব্ৰুৱাৰী (হি.স.)। নিৰাপত্তা বাহিনীয়ে শুকুৰবাৰে মণিপুৰৰ ইম্ফল পশ্চিম জিলাত অভিযান চলাই নিষিদ্ধ কেচিপি (পিএছচি) উগ্ৰপন্থী সংগঠনটোৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীৰ এগৰাকী মুখপাত্ৰই শনিবাৰে জনোৱা মতে, ধৃত উগ্ৰপন্থীজন ইম্ফল পশ্চিম জিলাৰ ১০ নং লেন ইৰোইচেম্বা মাং হিডেনৰ বাসিন্দা চানাম্বাম হেনবা সিং ওৰফে লাঞ্চেনবা (২১) বুলি চিনাক্ত কৰা হৈছে। লেনফেল থানাৰ অন্তৰ্গত তেৰা লুক্ৰাম লাইৰাক অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক।

নিৰাপত্তা সংস্থাই জনোৱা মতে, তদন্ত অব্যাহত আছে আৰু তেওঁৰ অন্যান্য সহযোগী আৰু কাৰ্যকলাপৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande