
গোৱালপাৰা, ২১ ফেব্ৰুৱাৰী (হি.স.)। শুক্লাইত প্ৰয়াত শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি স্থাপন।
জুবিন গাৰ্গৰ মৃত্যুৰ আজি ৫ মাহ অতিক্ৰম কৰিলে। ন্যায়ৰ অপেক্ষাত সমগ্ৰ অসমৰ জনসাধাৰণৰ।
পৰিসদীয় নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়া অনুসৰি প্ৰতিশ্ৰুতি পালন কৰিছে বিটিচিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে। অসমবাসীয়ে সহজভাৱে মানি ল'ব পৰা নাই জুবিন গাৰ্গৰ মৃত্যুক। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে বিটিচিৰ ইএম গনেশ কছাৰীয়ে ঘোষণা কৰিছিল , আৰু কথা মতেই আজি শুক্লাই জৌহৌলাওফুৰি পাৰ্কত বিটিচিৰ ইএম গনেশ কছাৰীয়ে উন্মোচন কৰে জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি। অনুষ্ঠানত জুবিন গাৰ্গৰ বাদ্যশিল্পী ৰাজা বৰুৱা,পাৰ্থ প্ৰতিম গোস্বামী উপস্থিত থকাৰ লগতে ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ কেইবা শতাধিক জুবিন অনুৰাগী উপস্থিত থকে।
জুবিনৰ সহযোগী পাৰ্থ প্ৰতিম গোস্বামীয়ে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া লেহেমিয়া হোৱা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি ন্যায় প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত কৰোৱাৰ দাৱী উত্থাপন কৰে। লগতে অসমৰ জাতীয় সংগঠনৰ ভুমিকাকলৈও প্ৰশ্ন উত্থাপন কৰে সহযোগী শিল্পীজনে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু