ৰাজ্যৰ বিভিন্ন জনজাতিৰ কৃষ্টি-সংস্কৃতিৰে আজি জীপাল হৈ পৰিছে জাগীৰোডৰ সাংস্কৃতিক ক্ষেত্ৰ চগ্ৰাছালৰ বাকৰি
মৰিগাঁও, ২১ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ বিভিন্ন জনজাতিৰ কৃষ্টি-সংস্কৃতিৰে আজি জীপাল হৈ পৰিছে জাগীৰোডৰ সাংস্কৃতিক ক্ষেত্ৰ চগ্ৰাছালৰ বাকৰি । সোণাইকুছি পাহাৰৰ প্ৰকৃতিৰ মনোৰম পৰিৱেশত এই চগ্ৰাছালত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ
ৰাজ্যৰ বিভিন্ন জনজাতিৰ কৃষ্টি-সংস্কৃতিৰে আজি জীপাল হৈ পৰিছে জাগীৰোডৰ সাংস্কৃতিক ক্ষেত্ৰ চগ্ৰাছালৰ বাকৰি


মৰিগাঁও, ২১ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ বিভিন্ন জনজাতিৰ কৃষ্টি-সংস্কৃতিৰে আজি জীপাল হৈ পৰিছে জাগীৰোডৰ সাংস্কৃতিক ক্ষেত্ৰ চগ্ৰাছালৰ বাকৰি । সোণাইকুছি পাহাৰৰ প্ৰকৃতিৰ মনোৰম পৰিৱেশত এই চগ্ৰাছালত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় ৰাজ্যিক সাংস্কৃতিক সমাৰোহ । ৰাজ্যৰ বিভিন্ন জনজাতিৰ সহস্ৰাধিক শিল্পী প্ৰতিনিধিৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশত পুৱা পতাকা উত্তোলন কৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰ নাথ বসুমতাৰীয়ে ।

স্মৃতি তৰ্পণ কৰে তিৱা মাথনলাই তখ্ৰাৰ সভাপতি হৰচিং খলাৰে । তিৱা সমাজৰ পৰম্পৰাগত চ্যামাদি অৰ্থাৎ ডেকা চাং উদ্বোধন কৰে জনজাতি গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ জ্যেষ্ঠ বিষয়া ডঃ অসীম বৰাই । তিৱা সকলৰ ন-পাৰ অৰ্থাৎ বৰঘৰ উদ্বোধন কৰে জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগে। জনজাতীয় মেলা উদ্বোধন কৰে জাগীৰোড ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰবীন ডেকাই আৰু জনজাতিৰ গ্ৰন্থ বিপনী মুকলি কৰে বিশিষ্ট সাহিত্যিক অকন দেৱীয়ে । সমাৰোহত তিৱা, বড়ো, কাৰ্বি , মিছিং , ৰাভা , সোণোৱাল কছাৰী, মেচ কছাৰী, হাজং, ৰেংমা , ডিমাছা কৃষ্টি দল সমূহে অনুষ্ঠান পৰিৱেশন কৰি এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande