বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰৰ ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ
নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতত চৰকাৰী ভ্ৰমণসূচীৰে উপস্থিত হোৱা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভা আৰু বৈদেশিক মন্ত্ৰী মাউৰো ভিয়েৰাৰ সৈতে শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে সাক্ষাৎ কৰে। বৈঠকৰ সন্দৰ্ভত ড০ জয়শংকৰ
ब्राजील के राष्ट्रपति लुइज इनासियो लूला दा सिल्वा


विदेश मंत्री डॉ जयशंकर और ब्राजील के विदेश मंत्री मौरो विएरा


নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতত চৰকাৰী ভ্ৰমণসূচীৰে উপস্থিত হোৱা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভা আৰু বৈদেশিক মন্ত্ৰী মাউৰো ভিয়েৰাৰ সৈতে শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে সাক্ষাৎ কৰে।

বৈঠকৰ সন্দৰ্ভত ড০ জয়শংকৰে কয়, ৰাষ্ট্ৰপতি লুলাই ভাৰতৰ সৈতে আমাৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ বাবে উষ্ণতা আৰু পথ প্ৰদৰ্শন আগবঢ়ায়, যিটো প্ৰশংসনীয়। আজি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি লুলাৰ মাজত আনুষ্ঠানিক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে, যিয়ে আমাৰ সম্পৰ্কত নতুন শক্তি আৰু গতিৰ প্ৰৱেশ ঘটাব।

লক্ষণীয় যে ভাৰত আৰু ব্ৰাজিলৰ কৌশলগত অংশীদাৰিত্বক নতুন দিশ দিয়াৰ লক্ষ্যৰে এটা গুৰুত্বপূৰ্ণ ৰাজ্যিক ভ্ৰমণত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ভাৰতত উপস্থিত হৈছে। আজি দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande