
ওদালগুৰি, ২১ ফেব্ৰুৱাৰী (হি.স.)। বন বিভাগৰ অভিযানত পুনৰ কৌপাটিৰ পৰা চালান বিহিন বালি ভৰ্তি টেক্টৰ জব্দ। ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ কৌপাটিৰ পৰা চালান বিহিন এখন বালি ভৰ্তি ট্ৰেক্টৰ জব্দ কৰে। মাজবাট আঞ্চলিক বন বিভাগৰ বিষয়াৰ নিৰ্দেশত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ বন কৰ্মীৰ দলে দৰং ওদালগুৰি সীমা মুৰীয়া অঞ্চলত চলায় চালান বিহিন টেক্টৰ বিচাৰি তালাচি অভিযান।
বন কৰ্মীৰ উক্ত অভিযানত কৌপাটি অঞ্চলৰ পৰা চালান বিহীন চাৰি চি এম বালি সহ এএছ-২৫ডিচি-১১৩৭ নম্বৰৰ এখন টেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। পিছত জব্দ কৰা বালি ভৰ্তি টেক্টৰ খন মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ত লৈ আনে বন কৰ্মীৰ দলে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু