
কোকৰাঝাৰ, ২১ ফেব্ৰুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত অবৈধ ভাবে শিল বালিৰ খনন কাৰ্য চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। কচুগাঁৱ বন সংমণ্ডলৰ ৰাইমোনা ৱেষ্টাৰ্ণ ৰেঞ্জৰ অধীনস্ত কাশিয়াবাৰী, আলীনগৰ, পকিহাগা এলেকাত অবৈধ খনন কৰাৰ অভিযোগ উত্থাপন হৈছে।
এক বিশেষ চক্ৰই এই অবৈধ খনন চলাই থকাৰ অভিযোগ উঠিছে ।বনাঞ্চলসমূহৰ আশেপাশে ভয়ংকৰ শিল বালি অবৈধ খনন কৰিছে। অভিযোগ অনুসৰি, এটা ছিণ্ডিকেট গোটে অবৈধভাৱে খনন কৰি শিল বালি কঢ়িওৱা প্ৰতিটো ডাম্পাৰৰ পৰা ১২০০ টকা সংগ্ৰহ কৰি আহিছে । এইক্ষেত্ৰত বন বিষয়াক মেনেজ কৰি অবৈধ শিল বালিৰ খনন চলাই থকা বুলি কোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ