হাজোৰ বৰদধীত মেট্ৰিক পৰীক্ষাৰ্থীৰ আত্মহত্যা
কামৰূপ, ২১ ফেব্ৰুৱাৰী (হি.স.)। হাজোৰ বৰদধীত চাঞ্চল্যকৰ ঘটনা। পৰীক্ষা বেয়া হোৱা বাবে চৰম সিদ্ধান্ত ললে এগৰাকী ছাত্ৰীয়ে। নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰিলে এগৰাকী পৰীক্ষাৰ্থীয়ে। দুৰ্ভগীয়া ছাত্ৰী গৰাকীৰ নাম হৰ্তীকা কলিতা। হাজোৰ শংকৰদেৱ শিশু নিকেটনৰ দ
হাজোৰ বৰদধীত মেট্ৰিক পৰীক্ষাৰ্থীৰ আত্মহত্যা


কামৰূপ, ২১ ফেব্ৰুৱাৰী (হি.স.)। হাজোৰ বৰদধীত চাঞ্চল্যকৰ ঘটনা। পৰীক্ষা বেয়া হোৱা বাবে চৰম সিদ্ধান্ত ললে এগৰাকী ছাত্ৰীয়ে। নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰিলে এগৰাকী পৰীক্ষাৰ্থীয়ে।

দুৰ্ভগীয়া ছাত্ৰী গৰাকীৰ নাম হৰ্তীকা কলিতা। হাজোৰ শংকৰদেৱ শিশু নিকেটনৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল হৰ্তীকা। ছাত্ৰীগৰাকীয়ে এইবাৰ অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত। পৰীক্ষা বেয়া হোৱা বাবে আত্মহত্যা কৰাৰ সন্দেহ পৰিয়াল আৰু স্থানীয় ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande