
গোৱালপাৰা, ,২১ ফেব্ৰুৱাৰী (হি.স.)।
গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ বৰঝৰাৰ বৰজং বিলত হাজাৰ হাজাৰ লোকৰ সমূহীয় মৎস্য চিকাৰ ।
মৎস্য চিকাৰ ৰাভা জনগোষ্ঠীয় লোক সকলৰ এক পৰম্পৰা । গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ বৰঝৰাৰ বৰজং বিল পৰিচালনা সমিতিয়ে বাহো উৎসৱ নাম বিগত ৯ বছৰৰ পৰা সমূহীয়া মৎস্য চিকাৰ আয়োজন কৰি আহিছে । আজি বৰজং বিল পৰিচালনা সমিতিয়ে এই উৎসৱৰ আয়োজন কৰি হাজাৰ হাজাৰ লোকক মাছ ধৰাৰ সুবিধা দিছে । উল্লেখযোগ্য যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অধিক সুদৃঢ় কৰাৰ উদ্দেশ্য আগত ৰাখি বৰজং বিল পৰিচালনা সমিতিয়ে আয়োজন কৰা মৎস্য চিকাৰ উপলক্ষে আজি পুৱতি নিশাৰ পৰা বিলৰ পাৰত বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহি উপস্থিত হয় । সমূহীয়া মাছ ধৰা পৰ্বত গোৱালপাৰা জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও বহু লোকে অংশ গ্ৰহণ কৰিছে । ফলত বিলত এক নান্দনিক পৰিবেশ দেখা গৈছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা