
নির্বাচন প্রসংগত কইনাধৰাত গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আলোচনা অগপ নেতৃত্বৰ
গুৱাহাটী, ২১ ফেব্ৰুৱাৰী (হি.স.)। দুদিনীয়া ভ্রমণ সূচীৰে অসমত উপস্থিত হোৱা কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে ব্যর্থতা হাতত লৈ বিষাদ মনেৰে দিল্লীলৈ উভতি গ'ল । কংগ্ৰেছ নেত্ৰীগৰাকীৰ অসম আগমণক স্বাগতম জনাই ৰাজ্যিক বিজেপিৰ মুখপাত্র প্রাঞ্জল কলিতাই কয় যে নির্বাচন আহিলেহে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাসকলৰ অসমলৈ মনত পৰে । তাৰ বিপৰীতে অসমক 'অষ্টলক্ষ্মী'ৰ ৰাজ্য বুলি গৌৰৱ কৰা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৪০ বাৰকৈ আৰু গৃহমন্ত্রী অমিত শ্বাহৰ ৬০ বাৰতকৈ অধিক অসম আগমণৰ প্রতিটো ক্ষণে অসমবাসী ৰাইজক সাহস প্রদান কৰাৰ লগতে উন্নয়নৰ দিশত নতুন মাত্রা প্রদান কৰে।
মুখপাত্র গৰাকীয়ে কটাক্ষ কৰি কয় যে নির্বাচনৰ সময়ত ৰাজনৈতিক পর্যটক হিচাপে অসমলৈ অহা প্রিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ আমোলত ২৫০ টাতকৈ অধিক গঁড় হত্যা কৰাৰ পিছতো মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাজিৰঙাই বিশ্বৰ বুকুত স্থান পোৱাৰ সফলতা চাবলৈ এই ঠাইলৈ ভ্ৰমণ কৰা উচিত আছিল । কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা ২০২৬ চনৰ কংগ্ৰেছৰ মুখ্যমন্ত্রী পদৰ প্রার্থী গৌৰৱ গগৈৰ পিতৃ প্রয়াত তৰুণ গগৈৰ দিনত মিঞাই অবৈধভাবে দখল কৰা গুৰুজনাৰ ভূমি বেদখল মুক্ত কৰি বটদ্ৰৱা থানক বিশ্বৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে কৰা নিৰ্মাণ কাৰ্য্য চাবলৈ যাব লাগিছিল বুলিও মুখপাত্র গৰাকীয়ে কয়। প্রিয়ংকা গান্ধীৰ আইতাক প্রয়াত ইন্দিৰা গান্ধীৰ আদেশমর্মে ৮৬০ গৰাকীকৈ তেজাল অসমীয়া ডেকা শ্বহীদ হৈছিল আৰু এই শ্বহিদসকলৰ স্মৃতিত বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহিদ স্মৃতি উদ্যানলৈ কিয় নগ'ল বুলি মুখপাত্ৰ গৰাকীয়ে কংগ্ৰেছ নেত্ৰীগৰাকীক প্রশ্ন কৰে। প্রিয়ংকা গান্ধীয়ে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ হাইকাজিয়া মিমাংসা কৰিবলৈ আহি দলৰ বিধায়কসকলৰ মাজতহে অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰি থৈ গ'ল। দুদিনীয় ভ্রমণসূচীত কোনো সমাধান সূত্র লাভ নকৰি পুনৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক দিল্লীলৈ তলব কৰা কাৰ্য্যই কংগ্ৰেছৰ ভিতৰ চ'ৰাত দলীয় নেতৃত্বৰ মাজত থকা মনোমালিন্য সমাধান কৰাত যে ব্যৰ্থ হ'ল তাৰেও প্ৰমাণ কৰিলে ।
প্রিয়ংকা গান্ধী আৰু গৌৰৱ গগৈৰ প্ৰত্যক্ষ হস্তক্ষেপত সাংসদ ৰকিবুল হুছেইন তথা বিধায়ক ৰেকিবুদ্দিন আহমেদক দলৰ মজিয়াত এলাগী কৰিবলৈ নির্দেশ প্রদান কৰা কাৰ্য্যত কংগ্ৰেছৰ মিঞা কর্মীসকল প্রতিবাদ মুখৰ হৈ পৰিছে। কংগ্ৰেছীয়েই এতিয়া কংগ্ৰেছৰ প্রধান শত্রু হৈ পৰিছে বুলি মুখপাত্ৰ গৰাকীয়ে কংগ্ৰেছৰ দুদিনৰ দুখৰ সমভাগী হোৱা বুলি মত প্রকাশ কৰে ।
এক অবিশ্বাসৰ বাতাবৰণে ছানি ধৰা কংগ্ৰেছে বিনাযুদ্ধে ভাৰতীয় জনতা পার্টিৰ আগত সাংগঠনিক আত্মসমৰ্পন কৰা বুলি ৰাজ্যিক বিজেপিয়ে প্রকাশ কৰে। বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ পিছতো অসমলৈ অহা কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে বিৰোধীৰ কোনো নেতাকে সাক্ষাৎ নকৰিলে । তাৰ বিপৰীতে মানসিকভাবে ভাঙি পৰা প্রিয়ংকা গান্ধীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সাৱধানবাণী শুনায় । মিছা কথা আৰু আভুৱা ভৰা প্রতিশ্রুতিৰে অসমৰ জনসাধাৰণক পৰিচালনা কৰিব বিচৰা কংগ্ৰেছ নেতৃত্বৰ ওপৰত অসমবাসী ৰাইজৰ তিলমানো যে বিশ্বাস নাই সেই কথা বুজিব পাৰি ইতিমধ্যে কংগ্রেছ নেতৃত্ব আত্মবিশ্বাস হেৰুৱাইছে । এক প্ৰকাৰ গৌৰৱ গগৈ আৰু প্রিয়ংকা গান্ধীয়ে বিৰোধীৰ মিত্ৰতাৰ প্ৰসংগক নস্যাৎ কৰা বুলিও বিজেপি মুখপাত্র গৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।
তাৰ বিপৰীতে তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হোৱা গৃহমন্ত্রী অমিত শ্বাহক এন ডি এৰ নেতৃত্বই বিমান বন্দৰত দলে বলে আদৰাৰ লগতে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে আলোচনাত মিলিত হৈছে । বিজেপি দলে মিত্রতাৰ ধৰ্ম পালন কৰি সহযোগী দলসমূহক লগত লৈ আগবঢ়িছে । ১৪ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী খানাপাৰা খেলপথাৰত ১ লাখতকৈ অধিক বিজেপি কাৰ্যকৰ্তাৰ উপস্থিতিত মিত্রজোঁট অগপ, বিপিএফ, ইউপিপিএল নেতৃত্বই বিধানসভা নির্বাচনৰ বাবে ৰণশিঙা বজাইছে । একেদৰে উজনি অসমৰ জিলাসমূহক সামৰি ২২ হাজাৰ পৃষ্ঠা প্ৰমুখৰ উপস্থিতিত ১৮ নৱেম্বৰ তাৰিখে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সংগঠনৰ শক্তি প্রদর্শন কৰে । বিজেপি দলৰ সুপৰিকল্পিত আৰু সুশৃংখলিত সাংগঠনিক ভেটিৰ সন্মুখত ৰাজ্যৰ বিৰোধী ইতিমধ্যে চূর্ণবিচূর্ণ হৈ পৰিছে । দিনতে তৰা দেখিবলৈ লোৱা বিৰোধীয়ে মিত্ৰতাৰ ক্ষেত্ৰত সহমতত উপনীত নোহোৱাৰ বিপৰীতে ভাৰতীয় জনতা পার্টিয়ে ৰাজ্যৰ তৃণমূল পর্যায়ৰ ৬৫ লাখ কার্যকর্তাৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে অসমত বিজেপিক চৰকাৰত অধিষ্ঠিত কৰিবলৈ অগ্ৰসৰ হৈছে ।
খিলঞ্জীয়াৰ প্ৰভুত্ব তথা অসমীয়া সভ্যতা সংস্কৃতিৰ সংৰক্ষণৰ বাবে বীৰ লাচিতৰ মূল মন্ত্ৰৰে মাঁ কামাখ্যা আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আশীর্বাদেৰে ভাৰতীয় জনতা পার্টিৰ কাৰ্যকৰ্তা সকল পুনৰ আই অসমীৰ সেৱাত ব্রতী হ'বলৈ আগবঢ়াটোক মুখপাত্ৰ গৰাকীয়ে দলৰ শক্তিশালী ভেটিক বর্ণনা কৰে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী