মৰাণত গুটখাৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু কলা বজাৰৰ বিৰুদ্ধে টাইপাৰ হুংকাৰ
মৰাণত গুটখাৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু কলা বজাৰৰ বিৰুদ্ধে হুংকাৰ টাইপাৰ।
মৰাণত গুটখাৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু কলা বজাৰৰ বিৰুদ্ধে টাইপাৰ হুংকাৰ


ডিব্ৰুগড়, ২১ ফেব্ৰুৱাৰী (হি.স.): ডিব্ৰুগড় জিলাৰ মৰাণত নিষিদ্ধ গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ মুকলি বজাৰত এতিয়া চিণ্ডিকেটৰ ৰাজত্ব চলিছে । বিশেষকৈ একাংশ অসাধু পাইকাৰী বিক্ৰেতাই সৃষ্টি কৰা কৃত্ৰিম নাটনিৰ বাবে সাধাৰণ গ্ৰাহক আৰু খুচুৰা বিক্ৰেতা এতিয়া দিশহাৰা হৈ পৰিছে। ইয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে টাই আহোম যুৱ পৰিষদ।

​প্ৰাপ্ত তথ্য অনুসৰি, মৰাণ নগৰত বিশেষকৈ কমলাপচন্দ (কেপি) গোল্ড আৰু শিখৰ ব্ৰেণ্ডৰ গুটখাৰ ব্যাপক কলা-বজাৰ চলিছে। গ্ৰাহক আৰু খুচুৰা বিক্ৰেতাৰ অভিযোগ যে, ​যিটো ২৪টা পাউচ থকা শিখৰল পেকেটৰ মূল্য পূৰ্বে ১৯০ টকা আছিল, তাক এতিয়া পাইকাৰী বিক্ৰেতাই ৩০০ টকালৈকে বৃদ্ধি কৰিছে। ​যাৰ ফলত ১০ টকাৰ পাউচ এতিয়া খুচুৰা বজাৰত ১৫ টকা পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে। এই চক্ৰান্তৰ বিৰুদ্ধে সৰব হৈ উঠিছে টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)। মৰাণ আঞ্চলিক সমিতিয়ে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰি এই চিণ্ডিকেটৰ তদন্ত কৰিবলৈ দাবী জনায়। প্ৰশাসনে এই কলা-বজাৰ ৰোধ নকৰিলে টাইপাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিছে টাই আহোম যুৱ পৰিষদৰ বিষয়-ববীয়াই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande