
ধুবুৰী, ২১ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে । গৌৰীপুৰ চৌৰেংগীমোৰ অঞ্চলত যোৱা কালি শুকুৰবাৰে বিয়লি এক গোপন অভিযানৰ ভিত্তিত অভিযান চলাই এজন সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়।
লগতে ২০ টাকৈ ড্ৰাগছৰ কণ্টেনাৰসহ ৰিপুল ইছলাম(২৪) নামৰ যুৱক জনক গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে।সৰবৰাহকাৰী জনক বৰ্তমানে গৌৰীপুৰ আৰক্ষীয়ে আটক কৰি থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি সৰবৰাহকাৰী জনে গৌৰীপুৰৰ বিভিন্ন অঞ্চলত গোপনে ড্ৰাগছ বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ