
তিনিচুকীয়া, ২১ ফেব্ৰুৱাৰী (হি.স.): মাৰ্ঘেৰিটাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। মাৰ্ঘেৰিটাৰ মাইচাংপানীত যোৱা কালি শুকুৰবাৰে বিয়লি এক ভয়ংকৰ অগ্নিকাণ্ডই হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে। দিনৰ ভাগতে হঠাৎ সূত্ৰপাত হোৱা এই জুয়ে মুহূৰ্তৰ ভিতৰতে সংহাৰী ৰূপ ধাৰণ কৰে। জুইত জাহ গ’ল তিনিটাকৈ বাসগৃহ। অগ্নিকাণ্ডৰ ফলত কেইবা বিঘা মাটিৰ তামোল পুলিৰ লগতে ভস্মীভূত হ’ল ঘৰৰ সমস্ত সা-সম্পত্তি। বৰ্তমান মুকলি আকাশৰ তলত আশ্ৰয় লৈছে তিনিটাকৈ দুৰ্ভগীয়া পৰিয়ালে।
জানিব পৰা মতে, অঞ্চলটোৰ নিবাসী দুলেশ্বৰ গগৈ, শৰৎ বড়ো আৰু দূৰ্লভ সোনোৱাল নামৰ লোক কেইজনৰ বাসগৃহত এই জুই লাগে। জুইৰ প্ৰকোপ ইমানেই বেছি আছিল যে পৰিয়ালকেইটাই নিজৰ ঘৰৰ পৰা একো সা-সম্পত্তি উলিয়াই আনিবলৈ সক্ষম নহ’ল। এই অগ্নিকাণ্ডত দুলেশ্বৰ গগৈৰ বাসগৃহৰ লগতে প্ৰায় চাৰে তিনি বিঘা মাটিৰ তামোল পুলি সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায়।আনহাতে, শৰৎ বড়ো আৰু দূৰ্লভ সোণোৱালৰ বাসগৃহৰ লগতে ভঁৰালত মজুত থকা আলু, সৰিয়হ, হালধি আৰু ঘৰৰ আচবাবসমূহ জুইত ভস্মীভূত হয়।
মুহূৰ্তৰ ভিতৰতে সকলো হেৰুৱাই এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালকেইটা। তেওঁলোকৰ সম্বল বুলিবলৈ এতিয়া মাথো পিন্ধি থকা কাপোৰ খিনিহে বাকী ৰৈছেগৈ।স্থানীয় ৰাইজ আৰু ভুক্তভোগী পৰিয়ালকেইটাই বৰ্তমান চৰকাৰ তথা জিলা প্ৰশাসনৰ ওচৰত জৰুৰী সাহায্য আৰু ক্ষতিপূৰণৰ বাবে কাতৰ আহ্বান জনাইছে।
জানিব পৰা অনুসৰি এগৰাকী মহিলাই জাৱৰ জ্বলোৱা সময়তে জুই শিখাই আগুৰি ধৰে সমগ্ৰ অঞ্চলটো।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ