
মাজুলী, ২১ ফেব্ৰুৱাৰী (হি.স.): মাজুলীৰ ৰতনপুৰ মিৰিত যোৱা কালি শুকুৰবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰতনপুৰ মিৰিৰ ধৰ্ম কান্ত দলে নামৰ লোকজনৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জুইত জাহ যায় বহু লক্ষ্যাধিক টকাৰ সা সম্প্ৰতি।
অগ্নিকাণ্ডৰ সময়ত ধৰ্ম কান্ত দলেৰ ঘৰত নাছিল কোনো লোক । কি কাৰনে অগ্নিকাণ্ড সংঘটিত হল জানিব পৰা হোৱা নাই । অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছিল যদিও অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিত হোৱাৰ আগতেই সম্পূৰ্ণ ৰূপে জ্বলি শেষ হৈ যায় বাসগৃহটো ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ