
হোজাই, ২১ ফেব্ৰুৱাৰী (হি.স.): হোজাইত যোৱা কালি শুকুৰবাৰে বিয়লি সংঘটিত হৈছে এক ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা । হোজাইৰ উত্তৰ মাটিখোলাৰ অমৰজিত সৌহান নামৰ লোকজনৰ খেৰৰ মেজিত সংঘটিত হয় এই অগ্নিকাণ্ড।পৰৱৰ্তী সময়ত খেৰৰ মেজিৰ লগতে লাগি থকা বাসগৃহত আংশিক বিয়পে জুই ।
স্থানীয় ৰাইজৰ তৎপৰতাত এখন এক্সেভেটৰৰ সহায়ত আঁতৰাই দিয়া হয় জ্বলি থকা মেজি । স্থানীয় ৰাইজে বাসগৃহৰ বেৰ ভাঙি ঘৰৰ পৰা উলিয়াই দিয়ে মূল্যবান সামগ্ৰী সমূহ । ফলত কথমপি ৰক্ষা পৰে বাসগৃহৰ লগতে মূল্যবান সা সামগ্ৰী । অৱশ্য়ে এই জুই কেনেদৰে লাগিল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ