দুলীয়াজানত বিদ্যালয়ৰ চৌহদত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ
ডিব্ৰুগড়, ২১ ফেব্ৰুৱাৰী (হি.স.)। দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা । ৰহস্যজনক অৱস্থাত বিদ্যালয়ৰ চৌহদত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু । দুলীয়াজানৰ টিংৰাই বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত উক্ত ঘটনাটো সংঘটিত হয় । নিহত ছাত্ৰ গৰাকী ডিব্ৰুগড় জিলা
দুলীয়াজানত বিদ্যালয়ৰ চৌহদত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ


ডিব্ৰুগড়, ২১ ফেব্ৰুৱাৰী (হি.স.)। দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা । ৰহস্যজনক অৱস্থাত বিদ্যালয়ৰ চৌহদত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু । দুলীয়াজানৰ টিংৰাই বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত উক্ত ঘটনাটো সংঘটিত হয় । নিহত ছাত্ৰ গৰাকী ডিব্ৰুগড় জিলাৰ জয়পুৰ মণিপুৰী বস্তি অঞ্চলৰ শিবু দাসৰ পুত্ৰ লাকি দাস বুলি জানিবপৰা গৈছে।

দুলীয়াজান আৰক্ষী সংবাদ মাধ্য়মত অবগত কৰা তথ্য় অনুসৰি উক্ত বিদ্যালয়ৰ চৌহদত থকা ছাত্ৰবাসত থাকি বিদ্যালয়ত অধ্যয়ন কৰিছিল ছাত্ৰ গৰাকীয়ে। পৰিয়ালৰ দাবী এইটো এক পৰিকল্পিত হত্যাকাণ্ড। ছাত্ৰ আৱাসৰ শৌচাগাৰত ডিঙিত চিপ লৈ ছাত্ৰ গৰাকীয়ে আত্মহত্যা কৰা বুলি বিদ্যালয়ৰ কৰ্তৃপক্ষই পৰিয়ালৰ লোকক অৱগত কৰে ।

পিচত পৰিয়ালৰ লোকে ছাত্ৰ গৰাকীক দুলীয়াজানৰ অইল ইণ্ডিয়া চিকিৎসালয়ৰ পৰা উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় স্থিত এখন ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। শেহতীয়াকৈ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande