
হোজাই, ২১ ফেব্ৰুৱাৰী (হি.স.)। হোজাইত গৰু চোৰৰ তাণ্ডৱ। দক্ষিণ কোমৰাকটা গাওঁত গৰু চুৰিৰ ঘ্টনা। চোৰে নিশা গোহালীৰ পৰা চুৰি কৰি লৈ গল ৬ টাকৈ গৰু।
পুৱা গৃহস্থই গোহালীত গৰু কেইটা নেদেখি হুৱা দুৱা লগাই। পিছত গৃহস্থই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। গৃহস্থকে ধৰি স্থানীয় লোকে অভিযোগ কৰে যে বিগত কিছু দিন ধৰি অঞ্চলটোত অনূুৰূপ ঘটনা বাৰম্বাৰ সংঘটিত হৈছে। ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে ৰাইজ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু