
নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী (হি.স.)। মণিপুৰৰ বিজেপি বিধায়ক ভুংজাগিন ভল্টেৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মণিপুৰৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে পু ভুংজাগিন ৱল্টে সদায় স্মৰণীয় হৈ থাকিব। তেওঁ উল্লেখ কৰে যে ভল্টে সমাজত ইতিবাচক পৰিৱৰ্তন অনাৰ দিশত কঠোৰ পৰিশ্ৰম কৰিছিল আৰু বিধানসভাত তেওঁৰ হস্তক্ষেপ সদায় অন্তৰ্দৃষ্টিসম্পন্ন আছিল।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখে; পু ভুংজাগিন ভল্টেই মণিপুৰৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা অসাধাৰণ সেৱাৰ বাবে স্মৰণীয় হৈ থাকিব। সমাজত ইতিবাচক পৰিৱৰ্তন অনাৰ দিশত তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। সভাত তেওঁৰ হস্তক্ষেপ সদায় অন্তৰ্দৃষ্টিসম্পন্ন আছিল। তেওঁৰ মৃত্যুত অতি দুখজনক। মই তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সমৰ্থকসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
উল্লেখ্য যে মণিপুৰৰ বিজেপি বিধায়ক ভুংজাগিন ভল্টেৰ শুকুৰবাৰে মৃত্যু হয়। দুবছৰ পূৰ্বে মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত তেওঁ আহত হৈছিল। তেতিয়াৰ পৰাই মণিপুৰৰ এইগৰাকী বিজেপি বিধায়ক চিকিৎসাধীন হৈ আছিল। তেওঁক চিকিৎসাৰ বাবে হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন চিকিৎসালয়লৈ অনা হয়। শুকুৰবাৰে চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।
প্ৰণিধানযোগ্য যে ২০২৩ চনৰ মে’ মাহত মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। সেই সময়ত তেওঁ ইম্ফলত আক্ৰান্ত হৈছিল। চুৰাচান্দপুৰ জিলাৰ থানলন সমষ্টিৰ পৰা তিনিবাৰৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ভুংজাগিন ভল্টে (৬১)। তেওঁ ৰাজ্যখনৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। হিংসাৰ দ্বিতীয় দিনা মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে হোৱা বৈঠকৰ পৰা উভতি অহাৰ পথত ইম্ফলত তেওঁক আক্ৰমণ কৰা হয়।
তেওঁক মেইটেই সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰাৰ অভিযোগ উঠে। ইয়াৰ পিছত প্ৰায় দুবছৰ ধৰি দিল্লীত চিকিৎসাধীন হৈ আছিল জোমি জনগোষ্ঠীৰ এইজন বিজেপি বিধায়ক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া