
কোকৰাঝাৰ, ২১ ফেব্ৰুৱাৰী (হি.স.): অসম-বংগ সীমান্তৰ সোনকোষত বংগ আৰক্ষীৰ নাকা চেকিং পইন্টত আৰক্ষীয়ে অবৈধ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, বংগ আৰক্ষীয়ে সীমান্ত অতিক্ৰম কৰা ব্ৰয়লাৰ কুকুৰাৰ গাড়ীৰ পৰা প্ৰতিটো গাড়ীৰ বিনিময়ত প্ৰায় দহ হাজাৰকৈ টকা সংগ্ৰহ কৰিছে।
স্থানীয় ব্যৱসায়ীসকলে জনোৱা মতে, বৈধ কাগজ-পত্ৰ থকাৰ পিছতো বিভিন্ন অজুহাত দেখুৱাই গাড়ীসমূহ ৰখাই ধন দাবী কৰা হৈছে। টকা নিদিলে গাড়ী দীঘলীয়া সময় ধৰি থৈ দিয়া আৰু ব্যৱসায়ত বাধাৰ সৃষ্টি কৰা বুলি অভিযোগ কৰিছে ব্যৱসায়ীসকলে। ইফালে, এই ঘটনাত ব্ৰয়লাৰ ব্যৱসায়ীসকলৰ মাজত তীব্ৰ অসন্তোষ দেখা গৈছে।
তেওঁলোকে কয় যে, ইতিমধ্যে বজাৰত মূল্যবৃদ্ধি আৰু পৰিবহন খৰচ বৃদ্ধি পাইছে। তাৰ ওপৰত এনেধৰণৰ অবৈধ ধন সংগ্ৰহ কৰাত ব্যৱসায় সম্পূৰ্ণৰূপে লোকচানৰ মুখত পেলাইছে। ক্ষুব্ধ ব্যৱসায়ীসকলে ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে আৰু জড়িত আৰক্ষী কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। লগতে সীমান্ত অঞ্চলত স্বচ্ছ আৰু নিয়মীয়া পৰ্যবেক্ষণ ব্যৱস্থা স্থাপন কৰাৰো দাবী উত্থাপন কৰিছে।
এই ঘটনাই সীমান্ত অঞ্চলত চলি থকা অবৈধ ধন সংগ্ৰহৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে। এইক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা লয়, সেয়া সময়ত লক্ষণীয় হৈ পৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ