
দক্ষিণ শালমাৰা মানকাচৰ, ২১ ফেব্ৰুৱাৰী (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰত চলি আছে অবৈধ ইটা ভাটাৰ ক'লা বেহা।অবৈধ ইটা ভাটাৰ ধুৱাই প্ৰদূষিত কৰিছে সমগ্ৰ মানকাচৰ । নথি পত্ৰ নোহোৱাকৈ গঢ়ি উঠিছে প্ৰায় শতাধিক অবৈধ ইটাৰ ভাটা। অতিৰিক্ত আয়ুক্ত চাইফুদৌলা খানৰ নেতৃত্বত অবৈধ ইটা ভাটাৰ ক'লা বেহা চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে অবৈধ ইটা ভাটাৰ নামত ধন সংগ্ৰহত নাম সাঙোৰ খাইছে কালাপানীৰ গাঁওবুঢ়াৰ নাম ।
আনহাতে মানকাচৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মাৰ নেতৃত্বত চলোৱা অবৈধ ইটা ভাটা উচ্ছেদৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আনিছে । উল্লেখযোগ্য যে মানকাচৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় এলেকাত জন বসতি অঞ্চলত কোনোধৰণৰ বৈধ নথি পত্ৰ নথকাকৈ গড় লৈ উঠিছে শতাধিক অবৈধ ইটা ভাটা । এই ক্ষেত্ৰত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত চাইফুদৌলা খানে অবৈধ ইটাভাটাৰ পৰা বৈধ নথিপত্ৰ বনাই দিয়াৰ নামত ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ উঠি আহিছে। ইফালে অবৈধ ইটাভাটাৰ বিৰুদ্ধে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্র সন্থা সৰৱ হৈ পৰাৰ পিছতেই জিলা প্ৰশাসনৰ তৎপৰতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ।মানকাচৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মাৰ নেতৃত্বত নাটকীয় ৰূপত উচ্ছেদ কৰিলে কেবাটাও অবৈধ ইটা ভাটা। আনহাতে উচ্চেদৰ নামতো বৈষম্য় কৰাৰ অভিযোগ উঠিছে। কিছুমান কেঁচা ইটৰ ওপৰত জে চি বি চলাই বাকি ভাটা সমূহ এৰি দিয়ে । এই ক্ষেত্ৰত উচ্ছেদৰ নামত নাটক কৰা হৈছে বুলিও চৰ্চিত হৈছে। ইফালে ইটা ভাটাৰ স্বত্বাধিকাৰীৰ বাৰে বাৰে এটাই অভিযোগ যে যিসকলে টকা দিছে তেওঁলোকৰ বাদে উচ্ছেদ চলাই আছে প্ৰশাসনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ