
নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী (হি.স.)। ভাৰত মণ্ডপমত চলি থকা এ আই সন্মিলনত ভাৰতীয় যুৱ কংগ্ৰেছৰ বিক্ষোভৰ প্ৰতিবাদত শনিবাৰে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় জনতা পাৰ্টিয়ে। কংগ্ৰেছৰ এই বিক্ষোভক গৰিহণা দি বিজেপিয়ে দেশৰ ভাবমূৰ্তি কলংকিত কৰাৰ প্ৰয়াস বুলি অভিহিত কৰে। বিক্ষোভৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি বীৰেন্দ্ৰ সচদেৱ আৰু অন্যান্য নেতাক আটক কৰি কিছু সময়ৰ পিছতে মুকলি কৰি দিয়ে।
বিক্ষোভৰ সময়ত ৰাজ্যিক সভাপতি সচদেৱ, প্ৰাক্তন ৰাজ্যিক সভাপতি তথা সাংসদ মনোজ তিৱাৰী, ৰাজ্যিক উপ-সভাপতি ৰাজকুমাৰ ভাটিয়া, বিষ্ণু মিত্তল, প্ৰবীণ শংকৰ কাপুৰ, উপ-পৌৰপতি জয় ভগৱান যাদৱ, জিলা সভাপতি বীৰেন্দ্ৰ বাব্বৰ, মায়া বিষ্ট,কে আদি কৰি বিভিন্ন দল-সংগঠনে উপস্থিত থাকে। বেৰিকেড ভাঙি অনুষ্ঠানটোত প্ৰৱেশ কৰাৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে প্ৰতিবাদকাৰীক আটক কৰে। আৰক্ষীয়ে ৰাজ্যিক সভাপতি সচদেৱ আৰু অন্যান্য কৰ্মীসকলক টোঘলক ৰোড থানালৈ লৈ যায় আৰু প্ৰায় এঘণ্টাৰ পিছত সতৰ্কবাণীৰে মুকলি কৰি দিয়ে।
ৰাজ্যিক সভাপতি সচদেৱে কয় যে এ আই সন্মিলন বিজেপিৰ অনুষ্ঠান নহয় বৰঞ্চ ভাৰতীয় জাতীয় অনুষ্ঠানহে, আৰু তাত প্ৰৱেশ কৰি প্ৰতিবাদ কৰাটো দেশদ্ৰোহ বুলি গণ্য কৰে। তেওঁ কয় যে ভাৰতে নিজৰ উদ্ভাৱন ক্ষমতা, ষ্টাৰ্টআপ ইক’চিষ্টেম, ডিজিটেল বিপ্লৱ প্ৰদৰ্শন কৰি থকা এ আই ছামিটৰ দৰে গুৰুত্বপূৰ্ণ মঞ্চত এনে প্ৰদৰ্শনে কংগ্ৰেছ দলৰ নেতিবাচক ৰাজনীতিক প্ৰতিফলিত কৰে।
সচদেৱে কয় যে যি সময়ত সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰযুক্তিগত উন্নতি আৰু ডিজিটেল নেতৃত্বক স্বীকাৰ কৰি আছে, সেই সময়ত কংগ্ৰেছ দলে এনে হুলস্থুলৰ সৃষ্টি কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ দলে নিজৰ ৰাজনৈতিক হতাশাক ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত ৰাখি আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতৰ সাফল্যক তুচ্ছজ্ঞান কৰাৰ চেষ্টা কৰিছে।
কংগ্ৰেছ নেতৃত্বক লক্ষ্য কৰি সচদেৱে কয় যে এই একে মানসিকতাই সংসদৰ পৰা ৰাজপথলৈকে দেশক বদনাম কৰিবলৈ চেষ্টা কৰি আহিছে। ভাৰতে আজি প্ৰযুক্তি, ষ্টাৰ্টআপ, কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত নতুন উচ্চতাত উপনীত হৈছে, যিটো কংগ্ৰেছ দলে হজম কৰিবলৈ অক্ষম।
শুকুৰবাৰে সংঘটিত হোৱা ঘটনাটো সাধাৰণ ঘটনা নহয় বুলি মন্তব্য কৰে মনোজ তিৱাৰীয়ে। তেওঁ কয় যে আৰক্ষীয়ে কংগ্ৰেছৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰাৰ আগতে তাত উপস্থিত জনসাধাৰণে তেওঁলোকক এটা শিক্ষা দিছিল। সাংসদ তিৱাৰীয়ে কয় যে এআই সন্মিলনত কংগ্ৰেছৰ এই প্ৰতিবাদে ৰাহুল গান্ধী আৰু তেওঁৰ সমগ্ৰ কংগ্ৰেছৰ হতাশাৰ প্ৰতিফলন ঘটায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া