
শোণিতপুৰ, ২১ ফেব্ৰুৱাৰী (হি.স.)।
নিজ সমষ্টিতে বিধায়কৰ বিৰুদ্ধে গ’বেক ধ্বনি ৰাইজৰ৷ ঢোলকোবা সোনাজুলি সংযোগী পথত আজিও পকী দলং নিৰ্মান নোহোৱাত ৰাইজৰ ক্ষোভ ৷ কৃষ্ণ কমল তাঁতী গ’বেক ধবনিৰে ৰাইজৰ প্ৰতিবাদ৷
ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ৷ বিগত পাঁচটা বছৰে নিৰ্মান ন’হল এখন পকী দলং ৷ ৰাইজৰ কথা চিন্তা নকৰা বিধায়ক কৃষ্ণ কমল তাঁতী গ’বেক , মুৰ্দাবাদ ধ্বনিৰ প্ৰতিবাদ ঢোলকোৱা সোনাজুলিবাসী ৰাইজৰ ৷ বিগত পাঁচটা বছৰে ঢোলকোবা বাসী ৰাইজে অতি বিপদসংকুল ভাৱে কৰিবলগীয়া হৈছে যাতায়ত ৷ বাৰিষা কি খৰালি সকলো সময়তে বিপদ সংকুল যাত্ৰা ৰাইজৰ৷ আনকি পথচোৱা পকীকৰণৰ ক্ষেত্ৰতো বিধায়ক গৰাকীয়ে কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ আজি বহু বছৰ পূৰ্ৱে উক্ত পথত থকা এটি দলং বাঢ়নি পানীয়ে উটুৱাই নিয়ে ৷ চৰকাৰ আহিল চৰকাৰ গ’ল কিন্ত উক্ত পথচোৱা এখন পকী দলং নিৰ্মান নহ’ল ৷ ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীক ৰাইজে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো ঢোলকোবা সোনাজুলি পথৰ ওপৰত নিৰ্মান নহ’ল পকী দলং ৷ যাৰ বাবে ৰাইজ এতিয়াক্ষোভিত হৈ পৰিছে ৷ এইবাৰ নিৰ্বাচনত ৰাইজৰ দুখ দুৰ্দশা বুজি নোপোৱা এনে বিধায়কক নিবিচাৰে ৰাইজে ৷ কৃষ্ণ কমল তাঁতী পৰিবৰ্তে ৰাইজে এজন স্থানীয় সু সন্তানক বিজেপিৰ টিকট দিবলৈ ৰাইজে দাবী জনাইছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা