
নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা এ আই সন্মিলনৰ সময়ত ভাৰতীয় যুৱ কংগ্ৰেছৰ কৰ্মীসকলে কৰা প্ৰতিবাদক দেশৰ বিৰুদ্ধে অপৰাধ বুলি অভিহিত কৰিছে । বিজেপিয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰোধিতা কৰি কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰবিৰোধী হৈ পৰিছে।
শনিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেলত সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, কংগ্ৰেছৰ এই প্ৰতিবাদ নিন্দনীয়। এয়া কেৱল ভুল নহয়, দেশৰ বিৰুদ্ধে অপৰাধ। ক্ষমা বিচৰাৰ পৰিৱৰ্তে একাংশ কংগ্ৰেছ নেতাই ইয়াক ন্যায্যতা প্ৰদান কৰি যুৱক-যুৱতীসকলৰ ক্ষোভ বুলি কৈছে। বিশ্বৰ সন্মুখত ভাৰতক বদনাম কৰা এই কাৰ্যক তেওঁলোকে যুৱক-যুৱতীসকলৰ ক্ষোভ বুলি কৈছে।
কংগ্ৰেছে বিজেপিক সমালোচনা কৰিলে আপত্তি নাই যদিও প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত যেতিয়া বিশ্বই ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰিছে তেতিয়া সেয়া মানি লোৱা উচিত বুলিও তেওঁ কয়। আনকি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও কৈছিল যে এদশক পূৰ্বে ডিজিটেল লেনদেন নূন্যতম আছিল যদিও আজি আনকি ৰাজপথৰ বিক্ৰেতাসকলেও ইউপিআই ব্যৱহাৰ কৰিছে। ৰিজিজুৱে কয় যে ইয়াৰ পিছতো ৰাহুল গান্ধীয়ে ভাৰতৰ সফলতা হজম কৰিবলৈ অক্ষম হৈ দেশক অপমান কৰিয়েই আছে।
ৰিজিজুৱে কয় যে তেওঁ কেইবাজনো কংগ্ৰেছ নেতাক ৰাহুল গান্ধীক বুজাবলী চেষ্টা কৰিবলৈ কৈছিল, কিন্তু ৰাহুলে কেতিয়া বুদ্ধিমান আচৰণ কৰিব কোনে জানে? যুৱ কংগ্ৰেছৰ এই বিক্ষোভ কেৱল বিজেপিৰ বিৰুদ্ধে নহয়, দেশবাসীৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁ বুজিব লাগে যে এ আই ছামিট বিজেপিৰ অনুষ্ঠান নহয় দেশৰ বাবে গৌৰৱৰ বিষয়, কিন্তু ৰাহুলে এই কথা বুজি নাপায়।
তেওঁ কয় যে এইটো এটা অতি লজ্জাজনক ঘটনা। ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথা আহিলে ৰাজনীতিৰ লগত জড়িত হোৱা উচিত নহয়। নিৰ্বাচনত জয়ী নোহোৱাৰ বাবে হতাশাত কংগ্ৰেছে এতিয়া দেশৰ বিৰুদ্ধে কাম কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে প্ৰধানমন্ত্ৰী মোডীক এনে এক বৃহৎ এআই সন্মিলনৰ আয়োজন কৰাৰ বাবে অভিনন্দন জনাই কয় যে সমগ্ৰ বিশ্বই এই সন্মিলনৰ শলাগ লৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ