
চিৰাং, ২১ ফেব্ৰুৱাৰী (হি.স.): চিৰাং জিলাৰ বিজনীস্থিত আম্বেদকাৰ প্ৰেক্ষাগৃহত যোৱা কালি শুকুৰবাৰে আবেলি ভাগত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত হয়। সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বিশ্বজিত ৰজক দাস উপস্থিত থাকি বাঙালী সমাজৰ বৰ্তমান ৰাজনৈতিক অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।
তেওঁ কয় যে বৰ্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতিত হিন্দু বাঙালী সমাজে এক গভীৰ জাতীয় সংকটৰ সন্মুখীন হৈছে। তেওঁ অভিযোগ কৰে যে হিন্দু বাঙালী সমাজক পদ্ধতিগতভাৱে ৰাজনৈতিকভাৱে বঞ্চিত কৰা হৈছে আৰু এই বঞ্চনা আৰু সহ্য কৰা নহ’ব। বিশেষকৈ ২০ নং বিজনী বিধানসভা সমষ্টিত পৰিকল্পিতভাৱে প্ৰায় ৮,০০০ৰো অধিক বাঙালী ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে বুলি তেওঁ অভিযোগ কৰে। এই ঘটনাক তেওঁ এক গভীৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰি কয় যে এইয়া গণতন্ত্ৰৰ ওপৰত পোনপটীয়া আঘাত।
তেওঁ আৰু কয় যে অসম চৰকাৰত মুঠ ৫৬টা বিভাগ থকা সত্ত্বেও এটাতো হিন্দু বাঙালী সমাজৰ কোনো কৰ্মী (Office Bearer) নাই। তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে যদি সমাজৰ কোনো প্ৰতিনিধি নাথাকে, তেন্তে সমাজৰ সমস্যাবোৰ চৰকাৰৰ সন্মুখত কোনে উপস্থাপন কৰিব। ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিটেনচন কেম্প ভাঙি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও বাস্তৱত সেই প্ৰতিশ্ৰুতি পূৰণ নহ’ল বুলি অভিযোগ কৰে।
লগতে তেওঁ কয় যে ডি-ভোটাৰৰ সমস্যা আন জনগোষ্ঠীৰ ক্ষেত্ৰত সমাধান কৰা হ’লেও হিন্দু বাঙালী সমাজৰ ক্ষেত্ৰত সমাধান কৰা হোৱা নাই। সংগঠনটোৰ সমীক্ষা অনুসৰি আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে জনমত গঢ় লৈ উঠিব বুলি তেওঁ দাবী কৰে। তেওঁ স্পষ্ট ভাষাত আহ্বান জনায় যে আগন্তুক নিৰ্বাচনত বিজেপি দলক ভোট নিদিবলৈ ৰাইজক আহ্বান জনোৱা হ’ব। লগতে তেওঁ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বক সকীয়নি দি কয় যে ব্ৰহ্মপুত্ৰ উপত্যকাত অন্ততঃ ১০জন হিন্দু বাঙালী প্ৰাৰ্থীক টিকট প্ৰদান কৰিব লাগে। অন্যথা সংগঠনটোৱে নিজৰ প্ৰাৰ্থী থিয় কৰোৱাৰ লগতে বিজেপিৰ বিৰুদ্ধে সংগঠিত আন্দোলন গঢ়ি তুলিব।
শেষত তেওঁ কয় যে হিন্দু বাঙালী সমাজৰ ন্যায্য অধিকাৰ, মৰ্যাদা আৰু ৰাজনৈতিক প্ৰতিনিধিত্ব নিশ্চিত নকৰিলে আগন্তুক দিনত বৃহৎ গণআন্দোলন গঢ়ি তোলা হ’ব।উক্ত সংবাদ মেলত সংগঠনটোৰ বহু সংখ্যক পদবীধাৰী সদস্য উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ