
গুৱাহাটী, ২১ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে কয় যে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পেৰেড উত্তৰ-পূব অঞ্চলৰ বাবে গৌৰৱৰ বিষয়। তেওঁ কয় যে চি আৰ পি এফৰ ৮৬ বছৰীয়া ইতিহাসত এইবাৰ উত্তৰ-পূবত এই পেৰেড অনুষ্ঠিত হৈছে।
গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত চি আৰ পি এফ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ এইবাৰ অসমত এই অনুষ্ঠান অনুষ্ঠিত হোৱাত সন্তোষ প্ৰকাশ কৰে।
চি আৰ পি এফ জোৱানসকলৰ অৱদান আৰু ত্যাগক স্মৰণ কৰি তেওঁ কয় যে এই পৰ্যন্ত ২,২৭০ জন জোৱান দেশৰ সেৱাত শ্বহীদ হৈছে। ইয়াৰে উত্তৰ-পূব অঞ্চলত প্ৰায় ৭০০, জম্মু-কাশ্মীৰত ৫৪০ আৰু অসমত ৭৯ জন শ্বহীদ হয়। তেওঁ কয় যে জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, উত্তৰ-পূবৰ দৰে অঞ্চলসমূহ এসময়ত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত বুলি গণ্য কৰা হৈছিল যদিও নিৰাপত্তা বাহিনীৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বাবে তাত পৰিস্থিতি যথেষ্ট উন্নত হৈছে।
গৃহমন্ত্ৰীয়ে জনোৱা মতে, দুটা বেটেলিয়নেৰে আৰম্ভ হোৱা চি আৰ পি এফ এতিয়া ২৪৩টা বেটেলিয়নলৈ বৃদ্ধি পাইছে আৰু ৩.৮৯ লাখৰো অধিক জোৱানৰ শক্তি আছে। তেওঁ কয় যে বিদ্ৰোহ আৰু বাওঁপন্থী উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত চি আৰ পি এফৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে।
ইয়াৰ পূৰ্বে ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাছাৰ জিলাৰ কাটিগড়াৰ নাতানপুৰত ভাৰত-বাংলাদেশ সীমান্তৰ কাটিগড়া বিধানসভা সমষ্টিৰ নাতানপুৰত উদ্বোধন কৰে ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম-২’ৰ। ইয়াৰ জৰিয়তে বাংলাদেশ সীমান্তৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু জীৱনৰ মান উন্নিত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দ্বিতীয় পৰ্যায়ৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সীমান্তৱৰ্তী গাঁওসমূহৰ সামগ্ৰিক উন্নয়নৰ দিশত নতুন অধ্যায়ৰ সূচনা কৰে। এই পদক্ষেপ ‘বিকশিত ভাৰত ২০৪৭’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে- আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অৱস্থিত দুৰ্গম আৰু উন্নয়নৰ পৰা বঞ্চিত গাঁওসমূহক অবকাঠামো, জীৱিকা আৰু সামাজিক সুবিধাৰে শক্তিশালী কৰা। ইয়াৰ পাছতে তেওঁ এখন বিশাল জনসভাত অংশ লয়। তেওঁ কয় যে অবৈধ ভূমি বেদখল অসমত এক ডাঙৰ সমস্যা আৰু ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দিশত সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। শিলচৰত এখন ৰাজহুৱা সভাত ভাষণ দি শ্বাহে কয় যে বিগত পাঁচ বছৰত অসমত প্ৰতিদিনে গড়ে ১৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে, লগতে কেইবাখনো গুৰুত্বপূৰ্ণ দলং নিৰ্মাণৰ কামো সম্পূৰ্ণ হৈছে।
উল্লেখযোগ্য যে গৃহমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচীত অসমত আছে, য’ত তেওঁ বিভিন্ন চৰকাৰী কাৰ্যসূচী আৰু ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ