
ইম্ফল ইষ্ট, ২১ ফেব্ৰুৱাৰী (হি.স.)। মণিপুৰৰ ইম্ফল ইষ্ট জিলাৰ পৰ্ম্পাট থানা এলেকাৰ অন্তৰ্গত চিংখেই চিঙৰ পাদদেশত শুকুৰবাৰে সন্ধিয়া নিৰাপত্তা বাহিনীয়ে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ বৃহৎ ভঁৰাল উদ্ধাৰ কৰে।
শনিবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে মেগজিনসহ এটা .৩০৩ ৰাইফল, এটা .২২ ৰাইফল আৰু এটা ৯ এম এম এছ এম জি কাৰবাইন মেগজিন উদ্ধাৰ কৰে। ইয়াৰ উপৰিও দুটা ৩৬ নং হেণ্ড গ্ৰেনেড, এটা ইম্প্ৰভাইজড বোমা, আৰু এটা ডব্লিউ পি নং ৮০ এম কে-১ গ্ৰেনেডো উদ্ধাৰ কৰা হৈছে।
এই অভিযানত বিভিন্ন কেলিবাৰৰ ৫৭টা সজীৱ কাৰ্টিজো জব্দ কৰা হৈছে। ইয়াৰ উপৰিও তিনিটা মাৰাত্মক গোলা, দুটা এছএলআৰ শ্বেল কেচিং, চাৰিটা ইনছাছ মেগজিন, এটা এছএলআৰ মেগজিন, এটা পিষ্টল মেগজিন, দুটা টিউব লঞ্চাৰ, আৰু দুটা .৩০৩ চাৰ্জাৰ ক্লিপ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা সকলো অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী নিৰাপত্তা বাহিনীয়ে নিজৰ জিম্মাত লৈছে। এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া