

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী (হি.স.)। সোণাপুৰৰ কচুতলীৰ উচ্ছেদিত স্থানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। অংশগ্ৰহণ কৰিলে দশম অসম আৰক্ষী বাহিনীৰ নতুন মুখ্য কাৰ্যালয়ৰ শিলান্যাস অনুষ্ঠানত।
উপস্থিত থাকিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য , মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , মন্ত্ৰী পিযুষ হাজৰিকা, কেশৱ মহন্ত, ৰূপেষ গুৱালা , অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
১৭৪ বিঘা বিশাল ভূমি সামৰি ২৬০.৬৮ কৌটি টকা ব্যয়ৰে স্থাপন হ'বলগীয়া এই দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় চৌহদত থাকিব অত্যাধুনিক নিয়ন্ত্ৰণ কক্ষ, ফায়াৰিং ৰেঞ্জ, পেৰেড গ্ৰাউণ্ড, আৱাসিক এলেকা, বিদ্যালয়, চিকিৎসালয় , নামঘৰ, প্ৰশিক্ষণৰ স্থান আদি সকলো প্ৰয়োজনীয় ব্যৱস্থা।
অসম আৰক্ষীক আধুনিকীকৰণৰ পদক্ষেপৰ অংশস্বৰূপে স্থাপন হ'বলগীয়া এই নতুন মুখ্য কাৰ্যালয়ে বিভাগটোক এক নতুন গতি দিব বুলি আশা প্ৰকাশ কৰে দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে।
গৃহমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানৰ সতে সংগতি ৰাখি এক বিশাল জনসভাক সম্বোধন কৰে। এই জনসভাত ডিমৰীয়া আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ কেইবাসহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে বিগত বৰ্ষত সোণাপুৰৰ এই স্থানত জনগোষ্ঠীয় আবেষ্টনীত অবৈধভাৱে বসবাস কৰা বহু লোকক উচ্ছেদ কৰি হেজাৰবিঘাৰো অধিক ভূমি মুকলি কৰি মুখ্যমন্ত্ৰীয়ে এই অভিলাষী প্ৰকল্প স্থাপনৰ কথা ঘোষণা কৰিছিল।
হিন্দুস্থান সমাচাৰ / Narayan Kar