মৰিগাঁও জাগীৰোড পথৰ ঔজাৰীত সংঘটিত পথ দুৰ্ঘটনাত দুজন আহত
মৰিগাঁও, ২১ ফেব্ৰুৱাৰী (হি.স.)। মৰিগাঁও জাগীৰোড পথৰ ঔজাৰীত আজি সংঘটিত এক পথ দুৰ্ঘটনা। এখন ই অট''ই ৰৈ থকা ডাম্পাৰৰ পিছপিনে খুণ্ডিওৱাৰ ফলত অটোৰ ভিতৰতে বহুসময় আবদ্ধ হৈ থাকিল যাত্ৰী। ঔজাৰীত পথৰ দাঁতিত যান্ত্ৰিক বিজুতিৰ বাবে এখন ডাম্পাৰৰ ৰৈ আছিল। তেনে
মৰিগাঁও জাগীৰোড পথৰ ঔজাৰীত সংঘটিত পথ দুৰ্ঘটনাত দুজন আহত


মৰিগাঁও, ২১ ফেব্ৰুৱাৰী (হি.স.)। মৰিগাঁও জাগীৰোড পথৰ ঔজাৰীত আজি সংঘটিত এক পথ দুৰ্ঘটনা। এখন ই অট'ই ৰৈ থকা ডাম্পাৰৰ পিছপিনে খুণ্ডিওৱাৰ ফলত অটোৰ ভিতৰতে বহুসময় আবদ্ধ হৈ থাকিল যাত্ৰী। ঔজাৰীত পথৰ দাঁতিত যান্ত্ৰিক বিজুতিৰ বাবে এখন ডাম্পাৰৰ ৰৈ আছিল।

তেনে অৱস্থাতে এএছ ০১এছচি ৪৩৯৪ নম্বৰৰ এখন যাত্ৰীবাহী ইলেক্ট্ৰিক অটো-ৰিক্সাই পিছ পিনৰ পৰা খুন্দা মাৰে।

ইলেক্ট্ৰিক অটো-ৰিক্সা খনে খুন্দা মৰাত সন্মুখৰ ভাগটো বিধ্বস্ত হৈপৰে, ফলত সন্মুখত থকা দুজন যাত্ৰী বহু সময় অটোৰ ভিতৰতে ধৰি আবদ্ধ হৈ থাকে।

স্থানীয় ৰাইজে বহু চেষ্টা কৰি দূৰ্ঘটনাগ্ৰস্ত অট' ৰিক্সা খনত আবদ্ধ হৈ থকা দুজন যাত্ৰীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande