
শোণিতপুৰ, ২১ ফেব্ৰুৱাৰী (হি.স.)। চতিয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত দুজন। চতিয়াৰ এল বি ৰোডত পুৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত দুজনকৈ বাইক আৰোহী। এএছ ১২একে ৮৪৮২ নম্বৰৰ আপাচি আৰু এএছ ১২-পি-০৮৪৬ নম্বৰৰ চুপাৰ স্প্লেনডাৰ বাইকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছে।
এগৰাকী বাইক আৰোহীৰ এখন ভৰি সম্পূৰ্ণ ৰূপে ভাগি গৈছে। গুৰুতৰ ভাৱে আহত দুয়োকে ১০৮ সেৱাৰ জৰিয়তে আহত দুয়োকে চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু