
নগাঁও, ২১ ফেব্ৰুৱাৰী (হি.স.)। নগাঁও বৰঘাটতত ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীবাহী গাড়ী বাগৰি পৰিল পথৰ কাষত। দ্ৰুত গতিত অহা ট্ৰেভেলাৰে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত গুৰুতৰ ভাৱে আহত হয় ১১ জনকৈ যাত্ৰী। এএছ ০১ এছচি ৪৬৪০ নম্বৰৰ ট্ৰেভেলাৰ খনে গুৱাহাটীৰ পৰা মাজুলীলৈ এটা ভ্ৰমণকাৰী দল আনি থকাৰ সময়তে নগাঁও বৰঘাটৰ বাইপাছৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে।
স্থানীয় ৰাইজ আৰু বৰঘাট আৰক্ষীয়ে আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু