দেশৰ স্বাভিমান আৰু ভাবমূর্তি নষ্ট কৰাটো উচিত নহয়: মায়াৱতী
লক্ষ্ণৌ, ২১ ফেব্ৰুৱাৰী (হি.স.)। নতুন দিল্লীত অনুষ্ঠিত হোৱা এ আই সন্মিলনত যুৱ কংগ্ৰেছৰ প্ৰতিবাদক তীব্ৰ গৰিহণা দিছে বহুজন সমাজ পাৰ্টিৰ (বিএছপি) ৰাষ্ট্ৰীয় সভানেত্ৰী মায়াৱতীয়ে। ইয়াক “অতি অশ্লীল আৰু নিন্দনীয়” বুলি অভিহিত কৰি তেওঁ কয় যে এনে আন্তঃৰা
बसपा की राष्ट्रीय अध्यक्ष मायावती


লক্ষ্ণৌ, ২১ ফেব্ৰুৱাৰী (হি.স.)। নতুন দিল্লীত অনুষ্ঠিত হোৱা এ আই সন্মিলনত যুৱ কংগ্ৰেছৰ প্ৰতিবাদক তীব্ৰ গৰিহণা দিছে বহুজন সমাজ পাৰ্টিৰ (বিএছপি) ৰাষ্ট্ৰীয় সভানেত্ৰী মায়াৱতীয়ে। ইয়াক “অতি অশ্লীল আৰু নিন্দনীয়” বুলি অভিহিত কৰি তেওঁ কয় যে এনে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত এনে আচৰণে ৰাষ্ট্ৰৰ মৰ্যাদা আৰু ভাবমূৰ্তিত প্ৰভাৱ পেলায় আৰু ই অনুচিত।

শনিবাৰে টুইটাৰত বিএছপিৰ মুৰব্বীগৰাকীয়ে এটা পোষ্টত লিখিছে যে নতুন দিল্লীত অনুষ্ঠিত হোৱা এআই ইমপেক্ট ছামিটত দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছিল, ই আন্তঃৰাষ্ট্ৰীয় শিৰোনামা দখল কৰিছিল। যিসকলে আধা উলংগ কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল, যাৰ অধিকাংশই কংগ্ৰেছৰ যুৱক বুলি কোৱা হৈছে়, এয়া অত্যন্ত অশ্লীল আৰু নিন্দনীয়।

তেওঁ আৰু লিখিছে যে সন্মিলনখন আন্তঃৰাষ্ট্ৰীয় নহ’লে বেলেগ কথা হ’লহেঁতেন, কিন্তু শীৰ্ষ সন্মিলনৰ সময়ত এনে আচৰণ চিন্তাৰ বিষয়। অৰ্থাৎ আমাৰ দেশৰ স্বাভিমান আৰু ভাবমূর্তি কলংকিত নোহোৱাটোৱে উপযুক্ত হ’ব ৷

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande