দেশৰ ৫২ হাজাৰ গাঁৱত জনজাতীয় উন্নয়নৰ পদক্ষেপ
নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী (হি.স.)। সমগ্ৰ দেশতে জনজাতি সবলীকৰণ আৰু গ্ৰাম্য উন্নয়নৰ প্ৰসাৰৰ বাবে সৰ্বভাৰতীয় বনবাসী কল্যাণ আশ্ৰম (এবিভিকেএ)-এ এক ঐতিহাসিক সৰ্বভাৰতীয় বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। এই পদক্ষেপৰ অধীনত ৫২ হাজাৰ গাঁৱত পদ্ধতিগত আৰু ফলপ
अ.भा. वनवासी कल्याण आश्रम लोगो


নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী (হি.স.)। সমগ্ৰ দেশতে জনজাতি সবলীকৰণ আৰু গ্ৰাম্য উন্নয়নৰ প্ৰসাৰৰ বাবে সৰ্বভাৰতীয় বনবাসী কল্যাণ আশ্ৰম (এবিভিকেএ)-এ এক ঐতিহাসিক সৰ্বভাৰতীয় বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। এই পদক্ষেপৰ অধীনত ৫২ হাজাৰ গাঁৱত পদ্ধতিগত আৰু ফলপ্ৰসূ উন্নয়ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এই ৰাষ্ট্ৰীয় পদক্ষেপে জনজাতীয় আৰু গ্ৰাম্য অঞ্চলত বহনক্ষম উন্নয়ন, সামাজিক অন্তৰ্ভুক্তি আৰু সাংস্কৃতিক সংৰক্ষণৰ বাবে এক নতুন গতি প্ৰদান কৰিব।

এই ঐতিহাসিক বুজাবুজি চুক্তি অনুষ্ঠানত উপস্থিত আছিল বনবাসী কল্যাণ আশ্ৰমৰ সাধাৰণ সম্পাদক যোগেশ শ্ৰীধৰ বাপত, আণ্ডাৰ ট্ৰাইল ৱেলফেয়াৰ এছ’চিয়েশ্যন (ইউটিডব্লিউএ)ৰ সভাপতি দিগন্ত শৰ্মা, সৌভাগ্য যোগ সাধনা ফাউণ্ডেশ্যন (এছৱাইএছএফ)ৰ প্ৰত্যুষ শৰ্মা, ভাৰত টেক্সপ্লেয়াৰ প্লেটফৰ্ম ফাউণ্ডেশ্যনৰ চিএ ৰৱীন্দ্ৰ তুৰাখিড়া আৰু টোৰছ চছিয়েল ফাউণ্ডেচন (টিএছএফ)ৰ বিশ্বাস জাধৱ।

এই উপলক্ষে উপস্থিত প্ৰতিনিধিসকলে কয় যে ভাৰতৰ আত্মা ইয়াৰ জনজাতীয় জনগোষ্ঠীসমূহত সমাহিত হৈ আছে। এই বুজাবুজি চুক্তি কেৱল কাগজৰ টুকুৰা নহয়, বৰঞ্চ সন্মান, অংশীদাৰিত্ব আৰু দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতিৰ প্ৰতীক। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে ১৫ বছৰীয়া দীৰ্ঘম্যাদী পৰিকল্পনাৰ জৰিয়তে জনজাতীয় আৰু গ্ৰাম্য অঞ্চলত স্থায়ী পৰিৱৰ্তন অনা। বুজাবুজি চুক্তিখনে এক শক্তিশালী ৰূপায়ণৰ কাঠামো স্থাপন কৰে যিয়ে স্থানীয় কাৰ্য্যকলাপক ৰাষ্ট্ৰীয় কৌশল আৰু সম্পদৰ সৈতে সংযোগ কৰে।

কামৰ মূল ক্ষেত্ৰসমূহ

এই চুক্তিৰ অধীনত সহযোগী সংস্থাসমূহে জনজাতীয় হোষ্টেল আৰু আৱাসিক শিক্ষা, শিক্ষা আৰু দক্ষতা বিকাশ, স্বাস্থ্য সেৱা (চলন্ত চিকিৎসা ইউনিট, চিকিৎসা শিবিৰ, টেলিমেডিচিন), গ্ৰাম্য আন্তঃগাঁথনি আৰু জল প্ৰকল্প, জীৱিকা আৰু আত্মনিয়োগৰ পদক্ষেপ, সাংবিধানিক অধিকাৰ সুৰক্ষা আৰু আইনী সবলীকৰণ, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, সম্প্ৰদায়ৰ সুৰক্ষা আৰু সজাগতা অভিযান, নিৰীক্ষণ আৰু সম্পদ সংগঠিত কৌশল আদি ক্ষেত্ৰত কাম কৰিব। লগতে প্ৰকল্পসমূহৰ জবাবদিহিতা নিশ্চিত কৰিবলৈ এই অংশীদাৰিত্বত বহুস্তৰীয় ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নিৰীক্ষণ ব্যৱস্থাও থাকিব। ইয়াৰ বাবে কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ), চৰকাৰী অনুদান, দানশীল অৱদান আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ পৰা সহায় গ্ৰহণ কৰা হ’ব।

মূল অংশীদাৰ সংস্থাসমূহ

এই বুজাবুজি চুক্তিৰ অধীনত অংশীদাৰিত্ব কৰা সংস্থাসমূহৰ ভিতৰত জনজাতীয় উত্থান, শিক্ষা, স্বাস্থ্য আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত আগশাৰীৰ নিখিল ভাৰত বনবাসী কল্যাণ আশ্ৰম; আধ্যাত্মিক আৰু সামাজিক বিকাশত সক্ৰিয় সৌভাগ্য যোগ সাধনা ফাউণ্ডেশ্যন (এছৱাইএছএফ); আইনী সবলীকৰণ আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত কাম কৰা আণ্ডাৰ ট্ৰাইল ৱেলফেয়াৰ এছ'চিয়েচন (ইউটিডব্লিএ); শিক্ষা, স্বাস্থ্য আৰু গ্ৰাম্য উন্নয়নত অৰিহণা যোগোৱা ট'ৰাছ ছ'চিয়েল ফাউণ্ডেশ্যন (টি এছ এফ); আৰু বিত্তীয় সাক্ষৰতা আৰু অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰত সক্ৰিয় ভাৰত টেলেন্ট শ্বেয়াৰ ৱেলফেয়াৰ প্লেটফৰ্ম (বিটিডব্লিউপিএফ) আদি আছে ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande