শ্ৰমিকৰ মৌলিক সমস্যা সমাধান নকৰা চৰকাৰৰ বিৰুদ্ধে হুংকাৰ আটছাৰ সাধাৰণ সম্পাদক সুনিল তিৰ্কীৰ
চৰকাৰৰ 'এটি কলি দুটি পাত' আঁচনিক ক্ষুৰধাৰ সমালোচনা।
শ্ৰমিকৰ মৌলিক সমস্যা সমাধান নকৰা চৰকাৰৰ বিৰুদ্ধে হুংকাৰ আটছাৰ সাধাৰণ সম্পাদক সুনিল তিৰ্কীৰ


তিনিচুকীয়া, ২১ ফেব্ৰুৱাৰী (হি.স.): অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুনিল তিৰ্কী যোৱা কালি শুকুৰবাৰে বিয়লি মাৰ্ঘেৰিটাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। মূলত সাংগঠনিক কাম-কাজৰ পৰ্যালোচনাৰ উদ্দেশ্যে মাৰ্ঘেৰিটাত উপস্থিত হোৱা কেন্দ্ৰীয় নেতাগৰাকীয়ে চাহ শ্ৰমিকৰ জ্বলন্ত সমস্যাসমূহক লৈ চৰকাৰক কঠোৰ সকীয়নী প্ৰদান কৰে।

মাৰ্ঘেৰিটাৰ হোটেল টাংছাত আটছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সৈতে এক সৌহাদ্যপূৰ্ণ বৈঠকত মিলিত হয় সুনিল তিৰ্কী। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ বিজেপি চৰকাৰৰ ১০ বছৰীয়া শাসনকালক সমালোচনা কৰি কয় যে- যোৱা ১০ বছৰত চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি যি হাৰত বৃদ্ধি কৰিব লাগিছিল, সেই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে। শ্ৰমিকৰ মৌলিক সমস্যা সমাধান নকৰি কেৱল 'এটি কলি দুটি পাত'ৰ দৰে আঁচনিৰে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ চৰকাৰে যি পৰিকল্পনা কৰিছে, তাক আটছাই কেতিয়াও সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে।

চাহ শ্ৰমিকৰ ভূমি পট্টাৰ বিষয়টো এতিয়াও ওলমি থকা কাৰ্যত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে কেৱল নিৰ্বাচন কেন্দ্ৰিক আঁচনিৰে চাহ জনগোষ্ঠীক ভুলাব নোৱাৰে। চাহ শ্ৰমিকৰ মৌলিক সমস্যাসমূহ অতি শীঘ্ৰে সমাধান নকৰিলে অনাগত দিনত আটছাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও তেওঁ চৰকাৰক হুংকাৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande