
নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বিলং লোকসভা সমষ্টিৰ সাংসদ ড০ ৰিকি এণ্ড্ৰু জে ছিংকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।
শোক বাৰ্তাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে ডাঃ ছিংকনৰ মৃত্যুৰ খবৰটো গভীৰভাৱে দুখজনক। মেঘালয়ৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁ নিষ্ঠাৰে কাম কৰিছিল। প্ৰয়াত সাংসদগৰাকীৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি ৰাষ্ট্ৰপতিয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰি কয় যে মেঘালয়বাসীৰ প্ৰতি কৰা সেৱাৰ বাবে ড° ছিংকনক সদায় স্মৰণীয় হৈ থাকিব। এই কঠিন সময়ত তেওঁ পৰিয়াল, বন্ধু-বান্ধৱী, সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায়।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া শ্বিলঙৰ লোকসভাৰ সাংসদ ৰিকি এণ্ড্ৰু জে চিংকনৰ মৃত্যু হয়। খবৰ অনুসৰি শ্বিলঙত অনুষ্ঠিত হোৱা প্ৰীতি ফুটবল অধিবেশনৰ সময়ত খেলি থকা অৱস্থাত তেওঁ হঠাতে ঢলি পৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া