তেজপুৰত পথ দুৰ্ঘটনাত যুৱক নিহত
শোণিতপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ মিলনপুৰত আজি শুকুৰবাৰে দিনত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই ঘটনাত সঞ্জয় চাহু(২৫)নামৰ এজন যুৱক নিহত হয় ৷ উল্লেখযোগ্য যে, ৰঙাপৰাৰ চেচা চাহ বাগিচাৰ যুৱকজনে এএছ ১২ এ ৬৬৬১ নম্বৰ স্কুটাৰৰে তীব্
তেজপুৰত পথ দুৰ্ঘটনাত যুৱক নিহত


শোণিতপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ মিলনপুৰত আজি শুকুৰবাৰে দিনত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই ঘটনাত সঞ্জয় চাহু(২৫)নামৰ এজন যুৱক নিহত হয় ৷

উল্লেখযোগ্য যে, ৰঙাপৰাৰ চেচা চাহ বাগিচাৰ যুৱকজনে এএছ ১২ এ ৬৬৬১ নম্বৰ স্কুটাৰৰে তীব্ৰবেগত পথৰ দাঁতিৰ বৈদ্যুতিক খুঁটাত খুন্দিয়ায় ৷ ইয়াৰ ফলত থিতাতে নিহত হয় যুৱকজন ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande