
যোৰহাট, ২০ ফেব্ৰুৱাৰী (হি.স.)। যোৰহাট আৰক্ষীৰ সফলতা। কালি সন্ধিয়া যোৰহাট ৰেল ষ্টেচনত সজীৱ গুলী সহ দুটা পিষ্টল উদ্ধাৰ।
ইণ্টাৰচিটি এক্সপ্ৰেছত এহাল দম্পত্তিৰ জিম্মাৰ পৰা বিদেশত নিৰ্মিত দুটা পিষ্টল উদ্ধাৰ কৰি জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলে। উদ্ধাৰ হোৱা পিষ্টল দুটাৰ ভিতৰত এটা পিষ্টল থাইলেণ্ডত নিৰ্মিত আৰু এটা ৰাছিয়াত নিৰ্মিত। উদ্ধাৰ পইণ্ট .৩২ পিষ্টল দুটা আৰু ৪০ ৰাউণ্ড সজীৱ গুলী।
অভিযানৰ নেতৃত্ব দিয়ে যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেষ হাজৰিকাই।আৰক্ষীৰ জিম্মাত থকা দম্পত্তি হালক বৰ্তমান যোৰহাট আৰক্ষী থানাত নিৰবিচ্ছিন্ন ভাবে জেৰা চলাই থকা হৈছে। অসমত বিধানসভা নিৰ্বাচন সমাগত।নিৰ্বাচনী ধামখুমিয়াৰ মাজতে কোনে কি উদ্দেশ্য়ে এইদৰে মাৰাণাস্ত্ৰ সৰবৰাহ কৰিব লগা হৈছে এই বিষয়ে আৰক্ষী তদন্ত অব্য়াহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু