
শোণিতপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। বৰ্তমানৰ ৰাজ্যসভাৰ বিজেপি সাংসদ ৰামেশ্বৰ তেলীয়ে পুনৰবাৰ ৰাজ্যসভাৰ সাংসদ হোৱাৰ ইচ্ছাৰ বিষয়ে প্ৰকাশ কৰিছে ৷ শোণিতপুৰত বিজেপি দলৰ এগৰাকী পৰ্যবেক্ষক হিচাপে উপস্থিত হৈ তেজপুৰ স্থিত জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত এক সাংগঠনিক সভাত অংশলৈ সাংসদ তেলীয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কয় যে, তেওঁ এইবাৰো ৰাজ্যসভাৰ বাবে দলক প্ৰাৰ্থীত্বৰ অনুৰোধ জনাব আৰু দলে য’দি অনুমতি দিয়ে তেনেহ’লে তেওঁ পুনৰবাৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব ৷
উল্লেখযোগ্য যে, পুনৰ ৰাজ্যসভাৰ সাংসদ হ’বলৈ বিচাৰে ৰামেশ্বৰ তেলীয়ে ৷ অহা ন এপ্ৰিলত কাৰ্যকাল অন্ত পৰিব ৰাজ্যৰ পৰা নিৰ্বাচিত তেলীৰ লগতে ভূৱনেশ্বৰ কলিতা আৰু অজিত কুমাৰ ভূঞাৰ ৷ এনে অৱস্থাত আজি তেলীয়ে লগতে কয় যে, এন ডি এ তথা বিজেপিৰ আন এজন বৰ্তমানৰ ৰাজ্য সভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰো পুনৰ বাৰ ৰাজ্যসভাৰ এনডিএৰ প্ৰাৰ্থী হোৱাৰ ইচ্ছা আছে বুলি কলিতাৰ ঘণীষ্ঠৰ পৰা জানিব পাৰিছে ৷ আনহাতে যোৱাবাৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অজিত কুমাৰ ভূঞা নিৰ্বাচিত হ’লেও এইবাৰ তেনে সম্ভাৱনা নাই বুলি মন্তব্য কৰি তেলীয়ে কয় যে এইবাৰ ৰাজ্যসভাৰ তিনিওখন আসনতে এনডিএৰ প্ৰাৰ্থীয়েই বিজয়ী হ’ব ৷ এইবাৰ বিৰোধী একত্ৰিত নহয় বুলি উল্লেখ কৰি তেলীয়ে লগতে এনডিএৰ হৈ এজন নতুন মুখৰ তৃতীয় এজন প্ৰাৰ্থী ৰাজ্যসভালৈ নিৰ্বাচিত হ’ব বুলিও মন্তব্য কৰে ৷
ইপিনে, এইবাৰ তেজপুৰ বিধান সভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিব লাগে বুলি তেওঁ বিজেপিৰ ৰাজ্যিক সমিতি, ৰাষ্ট্ৰীয় সমিতিৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীকো জনাব বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে দাবী কৰিলে বিজেপিত একো নাপায়, বিজেপিত অনুৰোধ কৰিব লাগে আৰু সেয়ে এইবাৰ তেজপুৰত মিত্ৰদল অগপৰ সলনি বিজেপিয়ে নিজেই প্ৰাৰ্থী দিব লাগে ৷ তেলীয়ে পুনৰ কয় যে বিজেপি কৰ্মী সকলৰ উৎসাহ দেখিয়েই বুজা যায় যে, বিজেপিৰ প্ৰাৰ্থী হ’লে তেজপুৰত বৃহৎ ব্যৱধানত বিজয়ী হ’ব ৷ তেওঁ আৰু কয় যে, মিত্ৰতা হোৱাৰে পৰাই বিজেপিয়ে তেজপুৰ অগপক এৰি আহিছে কিন্তু এইবাৰ তেজপুৰ বিজেপিয়ে ৰাখিব লাগে ৷
আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অসমলৈ আগমন আৰু তেওঁ কামাখ্যা মন্দিৰ, জুৱিন ক্ষেত্ৰলৈ যোৱা সন্দৰ্ভত তেলীয়ে কয় যে, নিৰ্বাচনৰ আগত ৰাজনৈতিক দলে কিছুমান কাম কৰি দেখুৱায় ৷ কংগ্ৰেছত চলা বিপৰ্যয়ৰ বাবেই তেওঁ অসমলৈ আহিছে য’দিও কংগ্ৰেছৰ বিপৰ্যয় ৰোধকৰা সম্ভৱ নহয় ৷ নিৰ্বাচনৰ আগত কংগ্ৰেছৰ আৰু ভালেসংখ্যক বিধায়ক, নেতাই বিজেপিত যোগদান কৰিব বুলিও তেলীয়ে প্ৰকাশ কৰে ৷ জুৱিন ক্ষেত্ৰলৈ প্ৰিয়ংকা গান্ধী গ’লেও ইয়াৰ পৰা কংগ্ৰেছৰ একো লাভ নহয় বুলিও দাবী কৰে সাংসদ তেলীয়ে ৷ তেওঁ লগতে কয় যে, এহেজাৰ প্ৰিয়ংকা বা ছোনীয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধী তিনিওজন আহিলেও অসমত কংগ্ৰেছক উদ্ধাৰ কৰিব নোৱাৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ