
শোণিতপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশনখন দিনযোৰা কাৰ্যসূচীৰে কালি সফলতাৰে সম্পন্ন হৈ যায়। চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই অধিবেশনৰ মুকলি সভাত সংস্থাৰ ভৱিষ্যৎ কৰ্মপন্থা আৰু কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত বিতং আলোচনা কৰা হয়।
অধিবেশনৰ কাৰ্যসূচীৰ অন্তত আগন্তুক ২০২৬-২০২৮ বৰ্ষৰ বাবে সৰ্বসন্মতিক্ৰমে অঞ্জন কুমাৰ নাথক সভাপতি আৰু প্ৰানজিৎ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি সংস্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।অধিবেশনৰ মুকলি সভাত উপস্থিত থকা বিশিষ্ট বক্তাসকলে কৰ্মচাৰীসকলৰ একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, সকলোৰে আন্তৰিক সহযোগিতা আৰু সক্ৰিয় উপস্থিতিয়েই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিছে। নৱ-নিৰ্বাচিত সমিতিখনৰ নেতৃত্বত অনাগত দিনত সংস্থাটোৱে সম্প্ৰীতি আৰু বিশ্বাসেৰে কৰ্মচাৰীসকলৰ স্বাৰ্থত অধিক শক্তিশালীভাৱে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰা হয়।
অধিবেশনৰ শেষত নৱ-নিৰ্বাচিত সমূহ বিষয়ববীয়াক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটি সফল কৰি তোলাৰ বাবে উদযাপন সমিতিৰ তৰফৰ পৰা সকলো সতীৰ্থ কৰ্মচাৰী আৰু শুভাকাংক্ষীলৈ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰা হয়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ