থলুৱা শ্ৰমিকক ঠিকাদাৰৰ ৰামঠগনঃ তেজপুৰৰ খাদ্য নিগমৰ ভড়ালত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ
শোণিতপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া স্থানীয় লোকক কৰ্মমুখী হ’বলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰে ইয়াৰ
থলুৱা শ্ৰমিকক ঠিকাদাৰৰ ৰামঠগনঃ তেজপুৰৰ খাদ্য নিগমৰ ভড়ালত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ


শোণিতপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া স্থানীয় লোকক কৰ্মমুখী হ’বলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰে ইয়াৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা বুলি কৈ অহাৰ সময়ত তেজপুৰত খিলঞ্জীয়া আৰু থলুৱা শ্ৰমিকক একাংশ বাহিৰা ঠিকাদাৰে ৰামঠগন দিয়াৰ ঘটনা পোহৰলৈ আহিছে ৷ উল্লেখযোগ্য যে, তেজপুৰৰ বিন্দকুৰী স্হিত ভাৰতীয় খাদ্য নিগমৰ ভড়ালত শ্ৰমিকে কৰা প্ৰতিবাদত তেওঁলোকক বিভিন্ন ঠিকাদাৰে বছৰি ঠগি শ্ৰমিকসকলৰ প্ৰাপ্য লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ উঠাৰ লগতে বাহিৰৰ পৰা অচিনাকি শ্ৰমিক আনি স্থানীয় শ্ৰমিকক ভাটে মৰাৰ ষড়যন্ত্ৰতো লিপ্ত হোৱাৰ অভিযোগ উঠিছে ৷ এনে পৰিস্থিতিত আজি খাদ্য নিগমৰ ভড়ালত নিয়োজিত ঠিকাদাৰৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে দুই শতাধিক শ্ৰমিকে ৷

শ্ৰমিকৰ এই প্ৰতিবাদত আজি অচল হৈ পৰে ভাৰতীয় খাদ্য নিগমৰ ভড়াল ৷ শ্ৰমিকসকলে খাদ্য নিগমৰ ভড়ালটোৰ ঠিকাদাৰ দুলদুল চৌধুৰীক শীঘ্ৰেই আঁতৰাব বুলি দাবী জনাই কয় যে খাদ্য নিগমৰ ভড়াল কৰ্তৃপক্ষই নিয়োজিত শ্ৰমিক সকলক পোনপটীয়াকৈ প্ৰাপ্য মজুৰি আদায়ৰ ব্যৱস্থা কৰিব লাগে আৰু শ্ৰমিক সকলে কাম নকৰিলে মজুৰি আদায় দিব নালাগে ৷ কিন্তু ঠিকাদাৰৰ জৰিয়তে শ্ৰমিকৰ মজুৰি আদায় দিয়াৰ বাবেই তেওঁলোকে প্ৰাপ্য লাভ নকৰাৰ অভিযোগ তুলি শ্ৰমিক সকলে কয় যে, দুদুল চৌধুৰীৰ পূৰ্বে এজন ঠিকাদাৰে শ্ৰমিক সকলক দুমাহৰ মজুৰি আদায় নিদিলে বুলি প্ৰকাশ কৰি ক্ষুব্ধ শ্ৰমিক সকলে লগতে কয় যে ইয়াৰ পাছত আন এজন ঠিকাদাৰে খাদ্য নিগমৰ ভড়ালটোৰ প্ৰায় আঢ়ৈশ শ্ৰমিকৰ প্ৰাপ্য ২৭লাখ টকা আত্মসাত কৰে ৷

ইয়াৰ পাছত যোৱা প্ৰায় এবছৰে দুলদুল চৌধুৰীয়ে এই ঠিকা কৰি আহিছে য’দিও তেওঁ শ্ৰমিক সকলৰ ভৱিষ্যনিধিৰ ধনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰিছে ৷ শ্ৰমিক সকলে প্ৰতিটো বস্তা কঢ়িওৱাৰ বিপৰীতে লাভ কৰে চাৰি টকাকৈ৷ইয়াৰে পঞ্চাশ পইচাকৈ কটা হয় ভৱিষ্যনিধিৰ বাবে ৷ সেইদৰে একোজন শ্ৰমিকৰ পৰা মাহে ১২শ টকা কৰ্টন কৰা হয় যদিও ঠিকাদাৰে ভৱিষ্যনিধিৰ পূঁজিত জমা দিয়ে তিনিশ টকা ৷ শ্ৰমিক সকলে লগতে কয় যে, তেওঁলোকে দিনে নিশাই কৰা শ্ৰমৰ বিনিময়ত মাহে প্ৰায় ছহেজাৰ টকাহে উপাৰ্জন কৰে য’দিও সেয়া পোৱাৰ ক্ষেত্ৰতো সমস্যাৰ উদ্ভৱ হৈছে ৷ এইটো ভড়ালত ১৭ টাকৈ শ্ৰমিক গোটে প্ৰায় ১৫ -২০ লাখ টকা ঠিকাদাৰৰ পৰা পাবলৈ আছে বুলিও শ্ৰমিক সকলে কয় ৷

ভাৰতীয় খাদ্য নিগমৰ ভড়ালত জমা হোৱা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউলৰ বস্তা ৰে’লৰ পৰা নমোৱাৰ পৰা ট্ৰাকত উঠোৱা নমোৱা কৰে এইসকল শ্ৰমিকে ৷ এই শ্ৰমিকে কৰা পৰিশ্ৰমৰ বাবেই লাখ লাখ টকা লাভ কৰে ঠিকাদাৰে ৷ কিন্তু শ্ৰমিক সকল বঞ্চিত হয় তেওঁলোকৰ প্ৰাপ্যৰ পৰা ৷ আনহাতে এই সকলো অভিযোগ জনাৰ পিছতো ৰহস্যজনকভাবে খাদ্য নিগমৰ বিষয়াই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আনকি ঠিকাদাৰে জিলা প্ৰশাসনৰ নিৰ্দেশনাও নামানে বুলি অভিযোগ উঠাৰ লগতে স্থানীয় শ্ৰমিকে প্ৰতিবাদ কৰাৰ বাবেই খাৰুপেটীয়াৰ একাংশ লোকক অনা ঠিকাদাৰৰ কাৰ্যত বাধা দিয়ে ক্ষুব্ধ শ্ৰমিক সকলে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভড়াললৈ আন জিলাৰ পৰা শ্ৰমিক অহাত নিষেধ আৰোপ কৰিছিল যদিও সেই নিৰ্দেশ অমান্য কৰি শ্ৰমিক আনিছিল ঠিকাদাৰ চৌধুৰীয়ে ৷ কিন্তু বাহিৰা শ্ৰমিকক বাধা প্ৰদান কৰে শ্ৰমিক ইউনিয়নে ৷ আজি প্ৰতিবাদকাৰী শ্ৰমিক সকলে দুলদুল চৌধুৰী মূৰ্দাবাদ, শ্ৰমিক সংগঠন জিন্দাবাদ ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে ৷ পিছত ইয়াত আৰক্ষী উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে ৷ কিন্তু প্ৰতিবাদকাৰী শ্ৰমিক সকলে যেতিয়ালৈকে ধন আদায় নাপায় তেতিয়ালৈকে আন্দোলন অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰিছে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande