আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ‍্যালয়ৰ অসমীয়া বিভাগৰ উদ‍্যোগত বিশেষ অনুষ্ঠান
শোণিতপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। তেজপুৰ বিশ্ববিদ‍্যালয়ৰ অসমীয়া বিভাগৰ উদ‍্যোগত ২১ ফেব্ৰুৱাৰীৰ দিনা আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি, ২০ ফেব্ৰুৱাৰী তাৰিখে প্ৰথম দিনৰ কাৰ্যসূচীৰূপে আয়োজি
আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ‍্যালয়ৰ অসমীয়া বিভাগৰ উদ‍্যোগত


আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ‍্যালয়ৰ অসমীয়া বিভাগৰ উদ‍্যোগত


শোণিতপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। তেজপুৰ বিশ্ববিদ‍্যালয়ৰ অসমীয়া বিভাগৰ উদ‍্যোগত ২১ ফেব্ৰুৱাৰীৰ দিনা আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি, ২০ ফেব্ৰুৱাৰী তাৰিখে প্ৰথম দিনৰ কাৰ্যসূচীৰূপে আয়োজিত বিশেষ বক্তৃতানুষ্ঠানৰ মুখ‍্য বক্তা ৰূপে উপস্থিত থাকে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক নীৰাজনা মহন্ত বেজবৰা। বিভাগীয় শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে আৰম্ভ কৰা সভাৰ আদৰণি ভাষণ প্ৰদান কৰে বিভাগীয় প্ৰধান ড°জুৰি দত্তই। অনুষ্ঠানৰ প্ৰাক্‌মূহুৰ্তত বিভাগৰ প্ৰথমখন প্ৰাচীৰ পত্ৰিকা'উন্মীলন'উন্মোচন কৰা হয়।

তেজপুৰ বিশ্ববিদ্যালয়ৰ মানৱিকীবিদ্যা আৰু সমাজবিজ্ঞান বিদ্যাপীঠৰ ডীন অধ্যাপক চন্দন কুমাৰ শৰ্মাই সভাপতিত্ব কৰা সভাৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সংগনক বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ধ্ৰুৱকুমাৰ ভট্টাচাৰ্যই। অধ্যাপক ড°ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই ভাষা সংৰক্ষণত প্ৰযুক্তিৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। তেওঁ উল্লেখ কৰে যে ছুপাৰ কম্পিউটাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাই বিভিন্ন ভাষা অনুবাদ কৰিব পাৰিলেও ভাষাৰ সঠিক সংৰক্ষণ আৰু বিকাশৰ বাবে বিস্তৃত ডেটাবেছ আৰু সংৰক্ষণাগাৰৰ প্ৰয়োজন। বহু ভাষা বৰ্তমান বিলুপ্তিৰ পথত আৰু এই সমস্যাৰ সমাধানৰ বাবে বিস্তৃত গৱেষণাৰ প্ৰয়োজন। এই সভাতে সাহিত্য অকাডেমীৰ দ্বাৰা প্ৰকাশিত ড°জুৰি দত্তৰ'মাটিৰ গান : উত্তৰ-পূব ভাৰতৰ চুটীগল্প' -শীৰ্ষক অনূদিত গ্ৰন্থখন উন্মোচন কৰা হয়।

আমন্ত্ৰিত অতিথিৰ পৰিচয় আগবঢ়ায় তেজপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড°জোতিষ্মান দাসে। বিশেষ বক্তৃতানুষ্ঠানত অধ্যাপক নীৰাজনা মহন্ত বেজবৰাই'মাতৃভাষা আৰু ভাষা মনোভংগী'-শীৰ্ষক এক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। বক্তৃতাত তেখেতে - ২০২৬ চনৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ মূল বিষয়(theme) - ভাষা অনেক,ভৱিষ্যত এক : ভাষিক বৈচিত্ৰ্যত যুৱকণ্ঠ - এই প্ৰসংগৰ আঁত ধৰি ভাষা,প্ৰযুক্তি,যুৱপ্ৰজন্ম আৰু ভাষিক বহনক্ষমতা সন্দৰ্ভত ৰসিক ব্যাখ্যাৰে এক চিন্তা উদ্ৰেককাৰী বক্তব্য প্ৰদান কৰে। লগতে তেখেতে ভাষাৰ চৈতন্য,জাতীয় চৈতন্য আৰু মাতৃভাষা দিৱসৰ সম্পৰ্কৰ উল্লেখ কৰি কয়- 'মাতৃভাষা দিৱস পালন'মাত্ৰ এটা শ্লোগান নহয়,উদ্‌যাপন নহয়;কায়ে,মনে,বাক্যে এটা অনুভৱ কৰিব পৰা বিষয়। তাৰ চেতনা,অনুভৱটো আত্মাৰ সমগ্ৰ সত্ত্বাত বিয়পি থকাৰ বিষয় আৰু আমাৰ চিন্তা-কৰ্ম,চেতনাত বিয়পি থকাৰ বিষয়।

অৱশ্যে তেখেতে গোলকীকৰণৰ যুগত ভাষাগত গোলকীকৰণ স্বীকাৰ্য নহয় বুলি উল্লেখ কৰে। মানৱিকীবিদ্যা আৰু সমাজ বিজ্ঞান বিদ্যাপীঠৰ ডীন ড°চন্দন কুমাৰ শৰ্মাই ভাষা আৰু উপভাষাৰ সমান গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে সকলো ভাষাই সমান সন্মানৰ দাবীদাৰ। তেওঁ লক্ষ্মীনাথ বেজবৰুৱা আদি অসমীয়া সাহিত্যিকৰ ৰচনাসমূহ পঢ়িবলৈ নতুন প্ৰজন্মক আহ্বান জনায়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বিভাগৰ সহযোগী অধ্যাপক ড°সুব্ৰতজ্যোতি নেওগে। অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক-শিক্ষাৰ্থীসকলৰ লগতে বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ কেইবাগৰাকী অধ্যাপক-অধ্যাপিকা,অনা-শিক্ষক কৰ্মচাৰী আদিয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটিৰ আঁত ধৰে গৱেষক-শিক্ষাৰ্থী শিল্পী ভূঞাই।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande