প্রিয়ংকা গান্ধীক চাহ বাগিচাৰ লাইন সমূহৰ পকা ৰাস্তাত খোজ কাঢ়ি অসমৰ উন্নয়ন অনুভৱ কৰিবলৈ আহ্বান: ৰাজ্যিক বিজেপি
গুৱাহাটী, ২০ ফেব্ৰুৱাৰী (হি.স.)। প্রিয়ংকা গান্ধীক এবাৰ অসমৰ চাহ বাগিচাৰ লাইন সমূহৰ পকা ৰাস্তাত খোজ কাঢ়ি বাগিচাৰ বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, সুন্দৰ চিকিৎসালয় আদি পৰিদৰ্শন কৰি ৰাজ্য চৰকাৰৰ উন্নয়ন অনুভৱ কৰিবলৈ আহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে । আজি ৰ
প্রিয়ংকা গান্ধীক চাহ বাগিচাৰ লাইন সমূহৰ পকা ৰাস্তাত খোজ কাঢ়ি অসমৰ উন্নয়ন অনুভৱ কৰিবলৈ আহ্বান: ৰাজ্যিক বিজেপি


গুৱাহাটী, ২০ ফেব্ৰুৱাৰী (হি.স.)। প্রিয়ংকা গান্ধীক এবাৰ অসমৰ চাহ বাগিচাৰ লাইন সমূহৰ পকা ৰাস্তাত খোজ কাঢ়ি বাগিচাৰ বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, সুন্দৰ চিকিৎসালয় আদি পৰিদৰ্শন কৰি ৰাজ্য চৰকাৰৰ উন্নয়ন অনুভৱ কৰিবলৈ আহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে ।

আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে এই বক্তব্য প্রদান কৰি কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীক এনেদৰে কটাক্ষ কৰে আৰু কালি অসম চৰকাৰৰ বিৰুদ্ধে প্রদেশ কংগ্ৰেছে প্রকাশ কৰা 'অভিযোগনামা-২০২৬'ক তীব্র সমালোচনা কৰি কয় যে প্রকৃততে চৰকাৰৰ বিৰুদ্ধে ২০ টা অবাস্তৱ অভিযোগ দাখিল কৰি দলটোৰ বৌদ্ধিক দৈন্যতাৰ লগতে অসমৰ সমাজ জীৱনৰ লগত সম্পর্ক নথকাটো প্রমাণ কৰিলে বুলি উল্লেখ কৰে।

মুখপাত্ৰ গৰাকীয়ে লগতে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বনাঞ্চল, ভিজিআৰ-পিজিআৰ, ট্রাইবেল বেল্ট এণ্ড ব্লক আৰু চৰকাৰী ভূমিৰ পৰা পূর্ববংগীয়মূলৰ মুছলমানক উচ্ছেদ কৰা কাৰ্যক বিৰোধীতা কৰি কংগ্ৰেছৰ মিঞা প্রীতি পুনৰবাৰ প্ৰমাণ কৰিলে। কংগ্রেছে খিলঞ্জীয়াক উচ্ছেদিত কৰি খিলঞ্জীয়াৰ মাটি কৰ্পৰেটক অসম চৰকাৰে গতাই দিয়া বুলি চৰম মিথ্যাচাৰ কৰিছে। কংগ্ৰেছ অসমৰ যুৱক-যুৱতীৰ উজ্জল ভৱিষ্যতৰ বিৰোধী, তেওঁলোকে অসমত উদ্যোগ হোৱাটো নিবিচাৰে আৰু অসমৰ যুৱক-যুৱতীয়ে অসমতে কাম কৰাটোৰ পক্ষপাতি নহয় বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে। স্বাধীনতাৰ ৭৫ বছৰ দুখীয়া চাহ শ্রমিকক ভূমিৰ পট্টা প্রদান কৰিব নোৱাৰা কংগ্ৰেছে চাহ শ্রমিক সকলৰ উন্নয়নৰ সম্পর্কে মত প্ৰকাশৰ অধিকাৰ নাই বুলি উল্লেখ কৰি মুখপাত্ৰ গৰাকীয়ে যি কাম কংগ্রেছে কেতিয়াও কৰিব নোৱাৰিলে সেই কাম ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে চাহ শ্রমিকক ভূমিৰ পট্টা দি চাহ জনগোষ্ঠীক ভূমিৰ ওপৰত তেওঁলোকৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰিলে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande