
নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় ১৭ বছৰ অনুৰ্ধ পুৰুষ ফুটবল দলে ২০২৬ চনৰ ৩ আৰু ৫ মাৰ্চত ম্যানমাৰৰ ইয়াংগনত দুখন আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচ খেলিব।
‘ব্লু কল্টছ’ নামেৰে পৰিচিত ভাৰতীয় দলটোৱে চলিত বৰ্ষত এতিয়ালৈকে চাৰিখন আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচ খেলিছে। দলটোৱে গোৱাত তাজিকিস্তানৰ বিৰুদ্ধে দুখন আৰু আন্টালিয়াত তুৰস্কৰ বিৰুদ্ধে দুখন খেল খেলিছিল। তুৰ্কী ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত মুখ্য প্ৰশিক্ষক বিবিয়ানো ফাৰ্নাণ্ডেছৰ দলটোৱে গোৱাত প্ৰশিক্ষণ লৈ আছে। অহা ২৮ ফেব্ৰুৱাৰীত ম্যানমাৰৰ ৰাজধানী ইয়াংগনলৈ ৰাওনা হ’ব ভাৰতীয় দলটো।
ভাৰতৰ দৰেই ম্যানমাৰেও এ এফ চি অনূৰ্ধ্ব-১৭ এছিয়ান কাপ চৌদি আৰব ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰিছে।কোৱালিফায়াৰত ম্যানমাৰে গ্ৰুপ চি শীৰ্ষত আছে। এই গোটত ওমান, ছিৰিয়া, আফগানিস্তান, নেপালৰ দৰে দল আছিল।
দলটোৱে ৬ মে’ত অষ্ট্ৰেলিয়া, ১০ মে’ত উজবেকিস্তান আৰু ১৩ মে’ত ডিপিআৰ কোৰিয়াৰ বিৰুদ্ধে খেলিব এ এফ চি ১৭ বছৰ অনুৰ্ধ এছিয়ান কাপ চৌদি আৰব ২০২৬ত ভাৰতক গ্ৰুপ ডিত স্থান দিয়া হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া