
নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতে ২০৩০ চনত কমনৱেলথ গেমছ আয়োজন কৰাৰ সুযোগ পোৱা উপলক্ষে ২০২৬ চনৰ ২২ ফেব্ৰুৱাৰীত দেশজুৰি ৬২ সংখ্যক ‘ফিট ইণ্ডিয়া ছাণ্ডেজ অন চাইকেল’ৰ আয়োজন কৰা হ’ব। এই অনুষ্ঠানে এখন ফিট আৰু সক্ৰিয় ভাৰতৰ প্ৰতি দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীৰে ২০১৯ চনত আৰম্ভ হোৱা ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক সুস্থ আৰু সক্ৰিয় জাতি গঢ়াৰ দিশত এক বৃহৎ পদক্ষেপ। ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্ব ক্ৰীড়া মহাশক্তি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি আহমেদাবাদ (গুজৰাট)ক ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ অধিকাৰ প্ৰদান কৰাৰ বিপৰীতে ভাৰতেও ২০৩৬ চনৰ অলিম্পিক গেমছ আয়োজনৰ বাবে নিজৰ নিবিদা দাখিল কৰিছে।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়াই উল্লেখ কৰে যে ২০ বছৰৰ পাছত ভাৰতে বহু ক্ৰীড়া অনুষ্ঠান কমনৱেলথ গেমছ আয়োজন কৰিব, যিটো প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। তেওঁ উল্লেখ কৰে যে নীতি সংস্কাৰ, ক্ৰীড়া আন্তঃগাঁথনি বিকাশ, প্ৰতিভা চিনাক্তকৰণ, খেলুৱৈৰ সঠিক প্ৰশিক্ষণৰ জৰিয়তে ভাৰতক ক্ৰীড়া মহাশক্তি হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, আৰু ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ কোনো প্ৰচেষ্টা বাদ দিয়া নহ’ব।
তেওঁ লগতে কয় যে ফিট ইণ্ডিয়া ছাণ্ডেজ অন চাইকেলৰ দৰে জনসাধাৰণৰ অংশগ্ৰহণ ভিত্তিক কাৰ্যসূচীয়ে এখন সুস্থ ভাৰতৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰে। ই এছ আই চিৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে আয়োজন কৰা এই সংস্কৰণটো ফিটনেছক গণ আন্দোলন হিচাপে গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
এই পদক্ষেপ ২০২৪ চনৰ ডিচেম্বৰ মাহত ড° মাণ্ডভিয়াই আৰম্ভ কৰিছিল।এতিয়ালৈকে সমগ্ৰ দেশৰ দুলাখৰো অধিক স্থানত ২৫ লাখতকৈ অধিক নাগৰিকে ইয়াত অংশগ্ৰহণ কৰি ইয়াক এক ব্যাপক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিছে।
এই দেওবাৰে নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ পৰা চাইকেল ৰেলীৰ নেতৃত্ব দিব ড০ মাণ্ডবিয়াই। তেওঁৰ সৈতে যোগ দিব অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ৰূপিন্দৰ পাল সিং আৰু কমনৱেলথ গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ ৰোহিত টোকাছে। সকলো বয়সৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ যোগাসন, ৰছী জাম্পিং, আৰু জুম্বাৰ বাবেও বিশেষ জ’ন সৃষ্টি কৰা হ’ব।
উল্লেখযোগ্য যে ৰূপিন্দৰ পাল সিং ২০২০ চনৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দলৰ সদস্য আছিল। ২০২২ চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা ৰোহিত টোকাছে বৰ্তমান যুৱ বক্সাৰক প্ৰশিক্ষণ দি আছে।
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে বিভিন্ন ক্ৰীড়া সংস্থাৰ সহযোগত, একেলগে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আয়োজন কৰা হয় ফিট ইণ্ডিয়া ছাণ্ডেজ অন চাইকলছ।
हिन्दुस्थान समाचार / অৰৱিন্দ