সাক্ষাৎকাৰ: উদীয়মান তাৰকা অংকৃশ ৰঘুবংশীৰ মন্ত্ৰঃ ক্ৰিকেটত সমাহিত হওক, দলক জয়ী কৰক
নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা অংকৃশ ৰঘুবংশীয়ে ইতিমধ্যে কম বয়সতে বৃহৎ মঞ্চত নিজৰ নাম উজলাই তুলিছে। ২০২২ চনৰ আই চি চি অনূৰ্ধ্ব-১৯ বিশ্বকাপত ভাৰতৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী হিচাপে চিহ্নিত হোৱাৰ পিছত ইণ্ডিয়ান প্ৰ
भारतीय युवा बल्लेबाज अंगकृष रघुवंशी


নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা অংকৃশ ৰঘুবংশীয়ে ইতিমধ্যে কম বয়সতে বৃহৎ মঞ্চত নিজৰ নাম উজলাই তুলিছে। ২০২২ চনৰ আই চি চি অনূৰ্ধ্ব-১৯ বিশ্বকাপত ভাৰতৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী হিচাপে চিহ্নিত হোৱাৰ পিছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায়। শেহতীয়াকৈ বিজয় হাজাৰে ট্ৰফী আৰু চৈয়দ মুস্তাক আলী ট্ৰফীতো তেওঁৰ বেটখনে ভাল প্ৰদৰ্শন আগবঢ়াইছিল। সুনীল ডুবেৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰৰ উল্লেখযোগ্য দিশসমূহ ইয়াত উল্লেখ কৰা হ’ল:

২০২৪ চনৰ আই পি এলৰ নিৰ্ভীক যুৱকৰ পৰা ২০২৬ চনত কে কে আৰৰ নিৰ্ভৰযোগ্য স্তম্ভলৈ কেনেদৰে সলনি হৈছে আপোনাৰ মানসিকতা আৰু মেচৰ স্বভাৱ ?

বিভিন্ন পৰিস্থিতিত বেটিং কৰিবলৈ শিকিছো। জ্যেষ্ঠ খেলুৱৈৰ সৈতে খেলি আৰু লগতে বিপক্ষক পৰ্যবেক্ষণ কৰি বহু কথা শিকিছো। দলটোক জয়ী কৰাত সহায় কৰিব পাৰি; প্ৰতিজন খেলুৱৈৰ নিজস্ব খেল থাকে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল দলটোৱে জয়ী হোৱা। মোৰ এতিয়া ব্যক্তিগত প্ৰদৰ্শনতকৈ দলৰ জয়ৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে।

অভিষেক নায়াৰৰ মেণ্টৰশ্বিপে আপোনাৰ খেলখন কেনেকৈ উন্নত কৰিলে? কি পৰামৰ্শ আছিল টাৰ্নিং পইণ্ট?

কোনো এটা পৰামৰ্শই টাৰ্নিং পইণ্ট নাছিল যদিও তেওঁ মোক ক্ৰিকেটৰ লগতে জীৱনৰ বিষয়েও শিকাইছিল। তেওঁ মোক কঠোৰ প্ৰশিক্ষণৰ জৰিয়তে মোৰ আৰামদায়ক আওতাৰ পৰা বাহিৰলৈ উলিয়াই আনিলে আৰু সেইটোৱেই আছিল মোৰ কেৰিয়াৰৰ প্ৰকৃত টাৰ্নিং পইণ্ট। তেওঁ মোক খেলখন ভাল পাবলৈ শিকাইছিল। তেওঁৰ সৈতে মোৰ সমগ্ৰ যাত্ৰা সঁচাকৈয়ে সুন্দৰ হৈছে, আৰু আশাকৰোঁ আৰু থাকিব।

কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে হোৱা যাত্ৰাই আপোনাৰ আত্মবিশ্বাস কেনেকৈ শক্তিশালী কৰিলে?

যেতিয়া ইমান ডাঙৰ ফ্ৰেঞ্চাইজিয়ে আপোনাক বিশ্বাস কৰে, তেতিয়া আপোনাৰ আত্মবিশ্বাস বাঢ়ি যায়। ইয়াৰ দ্বাৰা এই দায়িত্বও বৃদ্ধি পায় যে যিহেতু তেওঁলোকে মোৰ ওপৰত বিশ্বাস ৰাখিছে, গতিকে মই তেওঁলোকক মেচত জয়ী হোৱাত সহায় কৰিব লাগিব। মোৰ মনোযোগ দললৈ যিমান পাৰি সিমান অৰিহণা যোগোৱাতহে নিৱদ্ধ ।

ৰঞ্জী ট্ৰফীত ৰোহিত শৰ্মাৰ সৈতে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰাৰ অভিজ্ঞতা কেনেকুৱা আছিল? তেওঁৰ পৰা কি শিকিলা ?

ৰোহিত শৰ্মাৰ পৰা আটাইতকৈ ডাঙৰ শিক্ষা হ’ল তেওঁৰ প্ৰস্তুতি। মেচ বা বিৰোধী যিয়েই নহওক কিয়, তেওঁ কেতিয়াও কোনো সুৰুঙা ৰাখিব নিবিচাৰে । তেওঁ অতি বুদ্ধিমানৰূপে ক্ৰিকেট খেলে— বলাৰে কি কৰিব, ফিল্ডিং চেটআপ আৰু তেওঁলোকৰ শক্তিশালী শ্বট তেওঁলোকে জানে। যেতিয়া তেওঁলোকে ইমান প্ৰস্তুতি চলায়, তেতিয়া আমিও ঠিক তেনেদৰেই কষ্ট কৰা উচিত।

যশপ্ৰীত বুমৰাহ আৰু ৰছিদ খানৰ দৰে বিশ্বমানৰ বলাৰৰ বিৰুদ্ধে কেনেদৰে প্ৰস্তুতি চলায়?

যশপ্ৰীত বুমৰাহৰ দৰে বলাৰৰ বিৰুদ্ধে প্ৰস্তুতি চলোৱাটো সহজ নহয়। তেওঁ পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ। যিমানেই অনুশীলন নকৰক কিয়, তেওঁক খেলাটো প্ৰত্যাহ্বানমূলক হৈয়েই থাকে। কিন্তু মহান বলাৰৰ সন্মুখীন হ’বলৈ হ’লে অনুশীলনও সমানেই কঠোৰ হ’ব লাগিব। মই মোৰ প্ৰস্তুতি যিমান পাৰো কঠিন কৰি তোলোঁ যাতে মেচত মই ভাল প্ৰদৰ্শন কৰিব পাৰো।

আপোনাৰ আদৰ্শ কোন?

মই ডাঙৰ হৈ আহি থাকোঁতে মোৰ মূৰ্তি আছিল এ বি ডি ভিলিয়াৰ্ছ আৰু বিৰাট কোহলী। কিন্তু এতিয়া শুভমানক মোৰ বৰ ভাল লাগে। মই তেওঁক মোৰ আদৰ্শ বুলি গণ্য কৰোঁ।

আপোনাক আদৰ্শ বুলি চোৱা যুৱ খেলুৱৈসকললৈ আপোনাৰ বাৰ্তা কি?

মই মাত্ৰ ক’ম, যিমান পাৰে কঠোৰ অনুশীলন কৰক। খেলপথাৰত যিমান পাৰি সময় কটাওক। ক্ৰিকেট খেলিব বিচাৰিলে কেৱল ইয়াক খেলাই নহয়, ইয়াত নিজকে সমাহিত কৰক। যেতিয়া আপুনি খেলখনত সমাহিত কৰিব তেতিয়াহে আপুনি ইয়াক উপভোগ কৰিব আৰু ইয়াত সফলো হ’ব।

আইপিএল ২০২৬ ৰ বাবে আপোনাৰ প্ৰস্তুতি কেনেকুৱা?

এই মুহূৰ্তত মই মোৰ মুম্বাই অনূৰ্ধ্ব ২৩ দলৰ হৈ খেলি আছো। বৰ্তমান মোৰ মূল লক্ষ্য হৈছে দলটোক জয়ী হোৱাত সহায় কৰা। ইয়াৰ পিছত মই আই পি এলৰ বাবে প্ৰস্তুতি চলাম। আই পি এল হওক বা মুম্বাই দলেই হওক, মোৰ দৃষ্টি সদায় দলৰ জয়ৰ ওপৰত থাকিব।

টি-২০ বিশ্বকাপত টিম ইণ্ডিয়াৰ বাবে আপোনাৰ বাৰ্তা কি?

মোৰ সম্পূৰ্ণ বিশ্বাস যে টিম ইণ্ডিয়াই বিশ্বকাপ জয় কৰিব। আৰু যদি তেওঁলোকে জয়ী হয়, তেন্তে প্ৰতিযোগিতাখনত কোন শ্ৰেষ্ঠ খেলুৱৈ হয় সেয়া ডাঙৰ কথা নহয়—আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল দেশৰ বাবে ট্ৰফী জয় কৰা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande