শ্ৰীলংকাক পৰাস্ত কৰি এচিচি মহিলা এছিয়া কাপ ৰাইজিং ষ্টাৰছৰ ফাইনেলত ইণ্ডিয়া এ দল
- ছেমি ফাইনেলত শ্ৰীলংকা এক ৫ উইকেটত পৰাস্ত বেংকক, ২০ ফেব্ৰুৱাৰী (হি.স.)। ইণ্ডিয়া এ মহিলা ক্ৰিকেট দলটোৱে ছেমি ফাইনেলত শ্ৰীলংকা এ মহিলা ক্ৰিকেট দলক ৫ উইকেটত পৰাস্ত কৰি এ চি চি মহিলা এছিয়া কাপ ৰাইজিং ষ্টাৰছৰ ফাইনেলত প্ৰৱেশ কৰে । বেংককৰ টেৰ্ডথাই ক্
भारतीय कप्तान राधा यादव


- ছেমি ফাইনেলত শ্ৰীলংকা এক ৫ উইকেটত পৰাস্ত

বেংকক, ২০ ফেব্ৰুৱাৰী (হি.স.)। ইণ্ডিয়া এ মহিলা ক্ৰিকেট দলটোৱে ছেমি ফাইনেলত শ্ৰীলংকা এ মহিলা ক্ৰিকেট দলক ৫ উইকেটত পৰাস্ত কৰি এ চি চি মহিলা এছিয়া কাপ ৰাইজিং ষ্টাৰছৰ ফাইনেলত প্ৰৱেশ কৰে । বেংককৰ টেৰ্ডথাই ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হয় এই খেলখন। এতিয়া ২২ ফেব্ৰুৱাৰীত বাংলাদেশ এ আৰু পাকিস্তান এৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত বিজয়ী দলৰ বিৰুদ্ধে ভাৰতে মুখামুখি হ’ব।

অধিনায়ক ৰাধা যাদৱে অল ৰাউণ্ডৰ উজ্জ্বল প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে। ১৯ ৰানত চাৰিটা উইকেট দখল কৰি তাৰ পাছত লক্ষ্য খেদি ১৮টা বলত অপৰাজিত ৩১ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। প্ৰথমে বেটিং কৰি শ্ৰীলংকা এ ১১৮ ৰানত অল আউট হয়। ৰাধাৰ উপৰিও তনুজা কানৱাৰ আৰু প্ৰেমা ৰাৱটে দুটাকৈ উইকেট দখল কৰি ৰানৰ হাৰ নিয়ন্ত্ৰণ কৰে।

ইয়াৰ উত্তৰত বৃন্দা দিনেশে ২০টা বলত কুইকফায়াৰ ৪২ ৰান কৰি ভাৰতক শক্তিশালী আৰম্ভণি কৰে। মাজতে কেইটামান উইকেট পৰিলেও ৰাধাৰ আগ্ৰাসী ইনিংছত দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande