২১ ফেব্ৰুৱাৰীত সোণাপুৰৰ কচুতলীত উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ
শনিবাৰে সোণাপুৰৰ কচুতলীত উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ
শনিবাৰে সোণাপুৰৰ কচুতলীত উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ


শনিবাৰে সোণাপুৰৰ কচুতলীত উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ


গুৱাহাটী, ২০ ফেব্ৰুৱাৰী (হি.স.)। সোণাপুৰৰ কচুতলীৰ উচ্ছেদিত স্থানত এতিয়া যুদ্ধকালীন তৎপৰতা,, কাইলৈ এই স্থানতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ভূমিপূজন কৰিব দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ। লগতে স্থাপন কৰা হ'ব আৰক্ষী শিবিৰৰো।

ইয়াৰ বাবে ইতিমধ্যে বিশাল ভূমি মুকলি কৰি সকলো যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে প্ৰশাসনে। সাজি তোলা হৈছে বিশাল ৰভা আৰু দুখনকৈ অস্থায়ী হেলিপেড, গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।

উল্লেখ্য যে বিগত বৰ্ষত সোণাপুৰৰ এই স্থানত উচ্ছেদ চলাই জিলা প্ৰশাসনে মোকোলাইছিল জনজাতীয় আৱেষ্টনীৰ হেজাৰ বিঘাৰো অধিক ভূমি আৰু উচ্ছেদ কৰা হৈছিল বেদখলকাৰীসকলক।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande